নিউজ ডেস্ক – আৰম্ভ হৈছে বনভোজৰ বতৰ৷ দুটা বছৰ ক’ভিডৰ বাবে বছৰৰ এইখিনি সময় ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাৰ পিছত পুনৰ বনভোজৰ বাবে উখল মাখল পৰিৱেশৰ সৃষটি হৈছে ৰাজ্যত। সমান্তৰালকৈ বনভোজস্থলীসমূহতো দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ আৰু ব্যাপক ভিৰ। পিছে, ইয়াৰ মাজতে বনভোগক লৈ মহানগৰ আৰক্ষীয়ে কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনা অমান্য কৰাসকল আইনমতে দণ্ডনীয় হ’ব বুলিও উল্লেখ কৰিছে আৰক্ষীয়ে৷

মহানগৰ আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি বনভোজস্থলীত নিষিদ্ধ কৰা হৈছে সুৰা৷ বনভোজস্থলীত সুৰাপান কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব৷ বনভোজস্থলীত সুৰা বিক্ৰী-ক্ৰয়, সেৱন নিষিদ্ধ কৰা হৈছে৷

তদুপৰি আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি বনভোজস্থলীত উচ্চ স্বৰত বজাব নোৱাৰিব মাইক, ডি জে৷ লগতে বনভোজস্থলীত প্লাষ্টিকজাত সামগ্ৰী পেলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ বনভোজস্থলীত প্লাষ্টিক সামগ্ৰী পেলালে দণ্ডনীয় হ’ব৷

ইয়াৰ লগতে মহানগৰ আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি, বনভোজস্থলীত জাৱৰ-জোঁথৰ পেলোৱা, মুকলিত মলত্যাগ কৰিলে দণ্ডণীয় হ’ব৷ বনভোজস্থলী বা নৈৰ ঘাটত পেলাব নোাৱৰিব জাৱৰ-জোঁথৰ৷

উল্লেখ্য যে গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ অধীনস্থ এলেকাৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ’ব৷ চন্দ্ৰপুৰ, পানীখাইতি, হাতীশিলা, বশিষ্ঠ, দীপৰবিল, চান্দডুবি, টেঘেৰিয়া আদি বনভোজস্থলীত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply