গুৱাহাটীঃ গুৱাহাটীৰ সন্দিকৈ কলেজৰ ছাত্ৰীনিবাসত সংঘটিত হ’ল আত্মহত্যাৰ ঘটনা।
আত্মহত্যা কৰা ছাত্ৰী গৰাকীৰ নাম সাবিত্ৰী ৰয় বৰ্মন বুলি জানিব পৰা গৈছে।
বিচিএ পঞ্চম ষান্মাষিকত অধ্যয়ন কৰি আছিল ছাত্ৰীগৰাকীয়ে।
ছাত্ৰীগৰাকীৰ ঘৰ ধেমাজি জিলাৰ চিলাপথাৰত।
ছাত্ৰীগৰাকীৰ ছাত্ৰীনিবাসৰ কোঠাত এখন ছুইচাইড নোটো উদ্ধাৰ হৈছে।
ছাত্ৰীগৰাকীয়ে কি কাৰণত আত্মহননৰ দৰে পথ বাচি ল’লে সেই বিষয়ে একো জানিব পৰা হোৱা নাই।
এই ঘটনাত কোনো জগৰীয়া নহয় বুলি উদ্ধাৰ হোৱা ছুইচাইড নোটখনত উল্লেখ কৰা আছে।