কামপুৰ: বিদ্যালয়তো সুৰক্ষিত নহয় ছাত্ৰী ! এইবাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে শ্লীলতা হানি কৰাৰ গুৰুত্বৰ অভিযোগ বিদ্যালয়ৰ ছাত্ৰীৰ ৷ সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে কামপুৰ চাংচকী উচ্চ মাধ্যমিক বিদ্যালয়ত ৷ জানিবপৰা মতে বিদ্যালয়ত বাৰ্ষিক পৰীক্ষাৰ ফলাফলৰ বাবে হাতৰ কাম জমা দিবলৈ যোৱা সময়ত এগৰাকী অষ্টম শ্ৰেনীৰ ছাত্ৰীক শিক্ষক নথকা অৱস্থাত লম্পট চকীদাৰ ভবানন্দ বৰাই ছাত্ৰী গৰাকী সাৱতি ধৰি অশালীন ব্যৱহাৰ কৰে ৷ ছাত্ৰী গৰাকীয়ে পাছত পিতৃ মাতৃৰ আগত সকলো কথা বিৱৰি কোৱাত অভিভাবকে বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীক অৱগত কৰে ৷
এই অভিযোগৰ সম্পৰ্কত কোনো গুৰুত্ব প্ৰদান নকৰিলে বিদ্টালয়ৰ প্ৰধান শিক্ষক জনে ৷ পাছত স্থানীয় ৰাইজে বিদ্যালয় পৰিচালনা সমিতিৰ জড়িয়তে বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰি লম্পট চকীদাৰ ভবানন্দ বৰাক চাকৰীৰ পৰা নিলম্বন কৰিবলৈ উদ্ধতম কৰ্তৃপক্ষলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে ৷ ৰাজহুৱা সভাতে আন কেইবাগৰাকী ছাত্ৰীকো লম্পট চকীদাৰ ভবানন্দ বৰাই অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হয় ৷ ইফালে চকীদাৰৰ সকলো কু-কৰ্ম পোহৰলৈ অহাত প্ৰধান শিক্ষক গৰাকীয়ে চকীদাৰ জনক সভালৈ মাতে যদিও লম্পট চকীদাৰ ভবানন্দ বৰাই পলায়ন কৰে ৷ চকীদাৰ জনে তেওৰ বিৰুদ্ধে অভিযোগ সকলো মিছা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে ৷
বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে জনোৱা মতে, তেও বিষয়টো ছাত্ৰীগৰাকীৰ অভিভাবকৰ পৰা গম পোৱাৰ পিছতে বিভিন্ন মহলত সোধা পোছাৰ অন্তত আজি এখন জৰুৰী সভাৰ আয়োজন কৰে ৷ বিদ্যালয় অভিভাৱক সমাজ, স্থানীয় সচেতন ব্যক্তি, শিক্ষক কৰ্মচাৰীক লৈ আয়োজন কৰা সভাত বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ কাৰ্যত তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে সভাই অভিযুক্ত জনৰ বিৰুদ্ধে বিহিত ব্যবস্থা ল’বলৈ উৰ্ধতম কৰ্তৃপক্ষক জনোৱাৰ সিদ্ধান্ত লয় ৷