ৰাজনীতি মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। জীৱন সংগ্ৰামৰ ই এক অত্যাৱশ্যকীয় পথ। যিয়ে মানুহক জীৱন গঢ়াৰ বাবে এক সুস্থিৰ পৰিৱেশ ৰচনা কৰাত সক্ৰিয় ভূমিকা পালন কৰে। সেয়েহে মানুহ সামাজিক হোৱাৰ লগতে ৰাজনৈতিকভাৱে প্ৰতিটো ক্ষেত্ৰত সংলগ্ন হৈ থাকে।

ৰাজনৈতিক নেতা বা ৰাজনীতিবিদসকল তথা এক কথাত ক’বলৈ গ’লে বৃহৎ জনসাধাৰণে আইনসমূহ প্ৰণয়ন কৰাত সহায় কৰে, যাৰ জৰিয়তে সমাজখন সুস্থভাৱে পৰিচালিত হৈ থাকে। আমাৰ সমাজৰ ছাত্ৰ-ছাত্ৰীসকলো এই ৰাজনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। প্ৰাক স্বাধীন কালৰে পৰা তেওঁলোকে অনবদ্য অৱদান আগবঢ়াই আহিছে। স্বাধীনতা আন্দোলনৰ সময়ৰে পৰা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয় তথা অন্যান্য বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ দৰে উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আমি দেখি আহিছোঁ।

ইতিহাসৰ পাতত খোদিত হৈ থকা সত্তৰ আশী দশকৰ সেই অসম আন্দোলনৰ সোণালী পৃষ্ঠাই আজিও প্ৰতিজন সচেতন নাগৰিকক জোঁকাৰি যায়। য’ত অবৈধ অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে হাজাৰ হাজাৰ জনতাই আন্দোলনত নামি শ্বহীদ হৈছিল। স্বাধীনোত্তৰ কালৰ সবাতোকৈ সক্ৰিয় আন্দোলনৰূপে পৰিচিত হোৱা সেই আন্দোলনেই দিছিল ছাত্ৰসকলৰ শক্তিৰ পৰিচয়। য’ত আশীৰ দশকতেই বৰ্তমান আগশাৰীৰ ৰাজনৈতিক নেতাসকলে জন্ম লাভ কৰিছিল। এইসমূহৰ লগতে “All India Student Federation (AISF), All India Student Association (AISA), Akhil Bhartiya Vidyarthi Parisad (ABVP), Student Federation of India (SFI), Asom Gana Parisad (AGP)” এইসমূহৰ অৱদানো সক্ৰিয় ৰাজনীতিৰ কৰ্মক্ষেত্ৰত নুই কৰিব নোৱাৰি। গতিকে, আমি পূৰ্বৰে পৰাই দেখি আহিছোঁ সমাজৰ বাবে ৰাজনৈতি আৰু ৰাজনীতি এক অপৰিহাৰ্য্য অংগ।

বৰ্তমান সময়ত শিক্ষানুষ্ঠান সমূহত এই প্ৰভাৱ বৃহৎ পৰিমাণে পৰিবলৈ লৈছে। বিশেষকৈ বিশ্ববিদ্যালয় কেন্দ্ৰিক ৰাজনীতি সক্ৰিয় হৈ উঠা দেখা গৈছে। প্ৰকৃততে ছাত্ৰ ৰাজনীতিয়ে ইতিবাচক নে নেতিবাচক দৃষ্টিভংগীৰ অৱতাৰণা কৰে, সেই সম্পৰ্কে বিতৰ্ক দেখা যায়। এচামে ইয়াক সমৰ্থন কৰে যদিও আন এচামে সমৰ্থন নকৰে। সমৰ্থন কৰা সকলৰ যুক্তি হ’ল, “ছাত্ৰ জীৱনটো যিহেতু ভৱিষ্যৎ জীৱনৰ প্ৰস্ততিৰ সময়, গতিকে ছাত্ৰ সকল দেশৰ ৰাজনীতিৰ প্ৰতি সচেতন হোৱাৰ পৰা ইষ্ট সাধন হ’ব। বিশেষকৈঃ আমাৰ সমাজৰ পিছপৰা পৰিস্থিতিলৈ চাই ছাত্ৰ সকলকেই আমি যেতিয়া সকলো কামৰ বাবে আগবঢ়াই দিওঁ, গতিকে ৰাজনীতিৰ পৰা তেওঁলোকক আঁতৰাই ৰখাৰ কোনো যুক্তি থাকিব নোৱাৰে”। আনহাতে সমৰ্থন নকৰা সকলৰ যুক্তি হ’ল, “ছাত্ৰসকলৰ বুদ্ধি বৃত্তি পৈণত নহয়। বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰ কোনটো ভাল, কোনটো বেয়া ছাত্ৰই বুজিব নোৱাৰে। কিছুমান ৰাজনৈতিক আদৰ্শ দেখাত ভাল হ’লেও বাস্তৱত ৰূপায়িত কৰা অসম্ভৱ। ছাত্ৰ সকল সহজ সৰল আৰু আদৰ্শবাদী; কাজেই তেওঁলোকক এনেবোৰ আদৰ্শত ভোল গৈ ৰাজনীতিত জঁপিয়াই পৰে। এবাৰ ৰাজনীতিৰ মেৰপাকত সোমালে তাৰ পৰা ওলাই অহা সহজ নহয়, ফলস্বৰূপে ছাত্ৰৰ মূল কৰ্তব্য অধ্যয়নত অভাৱনীয় বাধা আহি পৰে। যিহেতু কোনো শিক্ষানুষ্ঠানেই সক্ৰিয় ৰাজনীতিৰ কৰ্মক্ষেত্ৰ নহয়।

গতিকে, দেখা যায় যে, দুয়োপক্ষৰ কথাত যুক্তি আছে। ছাত্ৰ ৰাজনীতি চৰ্চাত মূলতঃ কাৰো আপত্তি নাই। যদিহে সেই ৰাজনীতি শুদ্ধ, নিকা আৰু সচেতন হয়। লগতে তেওঁলোকৰ যদি অধ্যয়নত ব্যাঘাত নজন্মে। আনহাতে ৰাজনীতিত নমাৰ আগতে ছাত্ৰসকলে জাতিসমূহৰ উত্থান-পতনৰ ইতিহাস আৰু দেশ-বিদেশৰ ৰাজনৈতিক পৰিস্থিতি অধ্যয়ন কৰি ৰাজনীতি বিষয়ক (সমাজ বিজ্ঞান) তাত্ত্বিক জ্ঞান প্ৰথমে সম্পূৰ্ণৰূপে আয়ত্ত কৰি ল’ব লাগিব। তেতিয়াহে তেওঁলোকে সুস্থ ৰাজনীতিৰ বাতাবৰণ এটা গঢ়ি তোলাত সক্ষম হ’ব বুলি ভবা হয়। কিন্তু বৰ্তমান সময়ত ৰাজনীতিৰ নামত ছাত্ৰসকলে শিক্ষানুষ্ঠান সমূহত এক বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। যাক আজি লেতেৰা ৰাজনীতি বুলি জ্ঞান কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। প্ৰত্যেক বছৰে শিক্ষানুষ্ঠান সমূহত নিৰ্বাচন অনুষ্ঠিত কৰা হয়। একো একোজন প্ৰাৰ্থীয়ে সুকীয়া সুকীয়াকৈ প্ৰাৰ্থীত্ব আগবঢ়ায়। তাতে শিক্ষানুষ্ঠান সমূহ সুচাৰুৰূপে পৰিচালিত হৈ থাকে। এইটো স্বাভাৱিক কথা। কিন্তু বৰ্তমান এই নিৰ্বাচনকেন্দ্ৰিক ছাত্ৰ ৰাজনীতিয়ে অন্য এক দিশলৈ গতি কৰিবলৈ লৈছে। ক্ষমতা লাভৰ আকাংক্ষাই হওঁক বা আন ৰাজনীতি কেন্দ্ৰিক দিশতেই হওঁক, আজি কেৱল হিংসা, ভণ্ডামি তথা শোষণ নীতিৰে ছাত্ৰ ৰাজনীতিত কালিকা সনা পৰিলক্ষিত হৈছে। ময়ো এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ। শেহতীয়াভাৱে মই এই ছাত্ৰ ৰাজনীতি কেন্দ্ৰিক আৰু ৰেগিং (Ragging) কেন্দ্ৰিক এক ঘটনাৰ ভুক্তভোগী। কিন্তু মই আগতীয়াকৈ কওঁ, মই প্ৰত্যক্ষ বা পৰোক্ষ কোনো ধৰণেই এই ৰাজনীতি কেন্দ্ৰিক যুঁজ খনত জড়িত নহয় বা নাছিলোঁ।

বহুজনৰ দৰে মোৰো এটা সপোন আছিল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ। সেই সপোনকে সাৰোগত কৰি অশেষ কষ্টৰে অধ্যয়ন কৰি ২০১৯ চনৰ ১ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ৰাজনীতি বিজ্ঞান বিভাগত অন্তৰ্ভুক্ত হওঁ। দুৰ্ভাগ্যবশতঃ মই প্ৰথম অৱস্থাত বিশ্ববিদ্যালয়ৰ ছাত্ৰবাসত আসন লাভ কৰিবলৈ সক্ষম নহলো। ফলত প্ৰায় ২০ টা দিন বিশ্ববিদ্যালয়ৰ বাহিৰৰ ভাড়াঘৰৰত থাকিব লগা হ’ল। সমান্তৰাল ভাৱে মই বিশ্ববিদ্যালয়ৰ প্ৰশাসনত আবেদন কৰি ৰাখিছিলোঁ যাতে মোক ছাত্ৰবাসত আসন মঞ্জুৰ কৰে। সেই মাহৰে ২২ আগষ্ট তাৰিখে মইলছ ব্ৰনছন ছাত্ৰ নিবাসত আসন লাভ কৰিলোঁ। বিশ্ববিদ্যালয়ৰ নিবাসত থকাৰ প্ৰধান উদ্দেশ্য আছিল নিৰাপত্তা আৰু ভাড়াঘৰৰ মাছুলৰ পৰা সকাহ পোৱা। যিহেতু মোৰ ঘৰখন আৰ্থিকভাৱে সবল নহয়।

প্ৰথম অৱস্থাত যেতিয়া বিশ্ববিদ্যালয়ত দুই এদিন পাৰ হৈছিল, তেতিয়া বহু সমনীয়া তথা দাদা বাইদেউসকলৰ পৰা জানিব পাৰিছিলোঁ যে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিৱাস সমূহত বৰ্তমানেও ৰেগিঙৰ দৰে কাৰ্য চলি আছে। ইফালে বিশ্ববিদ্যালয়ৰ প্ৰশাসন আৰু চৰকাৰৰ মতে, শিক্ষানুষ্ঠান সমূহত ৰেগিংৰ দৰে কৰ্ম-কাণ্ড কৰিব নোৱাৰে আৰু কৰিলে আইনমতে দণ্ডনীয় হ’ব। কিন্তু বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ অলক্ষিতেই হওঁক, ছাত্ৰ নিৱাসসমূহত এই অপৰাধ মূলক কাণ্ড নিতৌ চলি আহিছে। মই এইসমূহ প্ৰমাণ কৰিব পাৰিলোঁ যেতিয়া মই নিজেই এই কাণ্ডৰ ভুক্তভোগী হলো। সেয়েহে আজি হাতত কলম তুলি লৈছো, যাতে প্ৰকৃত সত্য উদ্ঘাটন হওঁক। কাৰণ এই অপকৰ্মৰ বশৱৰ্তী হৈয়ে বহু আইৰ বুকু উদং হ’ল। বহুতো জীৱন আদবয়সতে ধ্বংস হ’ল। কিমানে নিজক এটা কোঠাৰ ভিতৰতে আবদ্ধ কৰি সমাজৰ পৰা বিদায় লৈছে। আজি সেই ভুক্তভোগীসকলৰ পিতৃ মাতৃসকল অৱগত হওঁক, আচলতে তেওঁলোকৰ সপোনবোৰক কেনেদৰে তিলতিলকৈ ধ্বংস কৰি পেলাবৰ যত্ন কৰা হয়।

অগ্ৰজ আৰু অনুজ :

অগ্ৰজ (Senior) আৰু অনুজ (Junior) দুটা খুব মধুৰ শব্দ। যি সম্পৰ্ক অতি মনোমোহা হয়। কিন্তু ছাত্ৰ ছাত্ৰীৰ নিবাস সমূহত ইয়াৰ এক বিপৰীত ছবিহে দেখিবলৈ পোৱা যায়। কেনেকৈ সম্ভৱ শুনক- “ তেতিয়া মই ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰ নিবাস মাইলছ ব্ৰনছন ছাত্ৰ নিবাসৰ ছাত্ৰ। অন্য ৩০জন অনুজ অৰ্থাৎ জুনিয়ৰৰ দৰে মইয়ো এজন ছাত্ৰ আছিলোঁ। নিবাসৰ অগ্ৰজ অৰ্থাৎ চিনিয়ৰ সকলে ৰাতি ৰাতি আমাৰ যি ভাত খোৱা টেবুল (Dinning table) আছে, তাত মিটিং কৰে আৰু আমাক বিভিন্ন ধৰণৰ অংগী ভংগী কৰিবলৈ দি তেওঁলোকে হাঁহি ফুৰ্তি কৰে।‌ আনহাতে ছাত্ৰজন যদি সেই কৰিবলৈ অপাৰগ হয়, তেতিয়া তেওঁক বিভিন্ন ধৰণৰ অশ্লীল মাতেৰে গালি গালাজ আৰম্ভ কৰে। মই এদিন তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰাত পুৱা ৪ বজালৈকে থিয় হৈ থকাৰ নিৰ্দেশ দিয়া হৈছিল। এইয়া এক সামান্য উদাহৰণহে। ইয়াতকৈও জঘন্য কাণ্ড কৰিবলৈ ছাত্ৰসকলক বাধ্য কৰোৱা হয়। এইয়া এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰবাসৰ প্ৰকৃত স্বৰূপ”।

আনহাতে, কেইজনো চিনিয়ৰ মিলি জুনিয়ৰৰ কোঠালৈ গৈ মাদক দ্ৰব্য, ধুম্ৰপান সেৱন কৰি আদ্দা দি, নিচাত এটা কোঠাত জুনিয়ৰ সকলক আৱদ্ধ কৰি গালি গালাজ আৰু মাৰ পিট কৰাৰ উদাহৰণ এই ছাত্ৰবাসত আছে। লগতে পঢ়ি থকা ছাত্ৰসকলক অসুবিধা দি তেওঁলোকৰ অধ্যয়নত ব্যাঘাত জন্মায়। জেষ্ঠ্য হিচাপে কনিষ্ঠসকলক ৰক্ষণাবেক্ষণ দিয়াৰ সলনি তেওঁলোকক এনেদৰে অত্যাচাৰ কৰাটো কিহৰ পৰিচয় দিয়ে? এইয়া নিশ্চিত ভাৱে মানৱ অধিকাৰ উলংঘন (Human Rights Violence) নহয়নে?  এনে স্থলত পিতৃ মাতৃয়ে অশেষ কষ্ট কৰি পঠিওৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত কেনেদৰে নিৰ্ণয় হ’ব? এনে অসংখ্য প্ৰশ্নই আজি আমাক জুমুৰি দি ধৰিছে। নিবাস সমূহত যেন কেৱল জুনিয়ৰ সকলে চিনিয়ৰ সকলক সন্তুষ্ট কৰাতে দিন ৰাতিবোৰ পাৰ কৰিবলগীয়া হয়। পঢ়াৰ বাবে তিলমাত্ৰও পৰিৱেশ ইয়াত দেখা নাযায়।

সেয়েহে কওঁ, চিনিয়ৰ জুনিয়ৰ এই শব্দ দুটাৰ তাৎপৰ্য নিবাস সমূহত থাকিব নালাগে। সকলোকে বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে। যিহেতু সন্মান খুজি লোৱা নহয়, ই আপোনা আপুনি সৃষ্টি হয়। কিন্তু যেতিয়াই এই চিনিয়ৰ জুনিয়ৰৰ ব্যৱধান বাঢ়ে তেতিয়াই কেতবোৰ সমস্যা আহি পৰে-

১/ যেতিয়া আপুনি নিজকে অন্য এজনতকৈ ওপৰৰ বা জ্যেষ্ঠ বুলি ভাবিবলৈ লয়, তেতিয়াই আপুনি কনিষ্ঠজনক ব্যৱহাৰ কৰাৰ চেষ্টা কৰে।

২/ আপুনি নিজকে ডাঙৰ বুলি ভাবিলে এটা ব্যৱধানৰ সৃষ্টি হয়। ফলত কনিষ্ঠজনৰ ওপৰত হুকুম আদি দিবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ মনত এটা অহংকাৰ (Egoism) ৰ ভাৱ গঢ় লৈ উঠাৰ লগতে বীৰ (Heroism) ৰ দৰে ভাবিবলৈ লয়। তেতিয়াই জুনিয়ৰসকলৰ এই প্ৰভাৱৰ বলি হ’ব লগা হয়।

গতিকে, সকলোকে সমান চকুৰে চোৱাৰ এটা প্ৰৱণতা গঢ়ি উঠা উচিত। কোনো লোকেই আপোনাতকৈ কোনো গুণে কম বা বেছি নহয় বুলি ভাবিব নালাগে। সকলো জুনিয়ৰেই চিনিয়ৰৰ পৰা শিকিব লগা থাকে। কিন্তু ইয়াৰ বাবে লাগিব- বন্ধুত্বপূৰ্ণ ব্যৱহাৰ, বিশ্বাস, আগ্ৰহ আৰু সন্মান।

দ্বিতীয়তে, আন এক কলংকিত অধ্যায় অৱগত কৰিব বিচাৰিছোঁ, যিটো নিৰ্লজ্জ অধ্যায়ৰ বলি মই শেহতীয়াকৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ সময়ত হৈছিলোঁ।

নিৰপেক্ষ ছাত্ৰক আক্ৰমণ আৰু জাতিগত সংঘাতঃ

সেইদিনা আছিল ৯ এপ্ৰিল, ২০২১, শুক্ৰবাৰ। আগৰ দৰে সেইদিনাই ৰাতি ৮:৩০‌ বজাত পুথিভঁৰালৰ পৰা নিবাসলৈ হৈছিলোঁ। ৯:৩০ বজাত ভাত খাই পিছদিনা বিভাগ (Department) ত হ’বলগীয়া দলীয় আলোচনা (Group discussion) ৰ বাবে presentation প্ৰস্তুত কৰি ১২:৩০ বজাত শুই থাকো। প্ৰায় পুৱতি নিশা আনুমানিক ৩:৩০ মান বজাত কোনোবাই মোৰ কোঠাৰ দুৱাৰত প্ৰচণ্ড গোৰ মৰাৰ শব্দ শুনিবলৈ পাওঁ। হঠাৎ সাৰ পাই উঠি দুৱাৰ খুলি দেখো নিবাসৰ এজন ছাত্ৰ মৃণাল ৰাভাই সুৰাপান কৰি নিচাত ক’ব নোৱাৰা হৈ আছে। দুৱাৰ খোলাৰ লগে লগে তেওঁ মোক বাহিৰলৈ উলিয়াই অনাৰ চেষ্টা কৰাৰ লগতে- “তই কিয় ইলেক্চনত লগা নাই? বিশাল শৰ্মাক কিয় ভোট নিদিলি”  ইত্যাদি ধৰণৰ প্ৰশ্নৰে ব্যতিব্যস্ত কৰিবলৈ ধৰে। তেতিয়া মই তেওঁক উভতি ধৰি কওঁ, “আপুনি কোন? মই ভোট কাক দিওঁ কাক নিদিওঁ প্ৰশ্ন কৰিবলৈ”। এই কথা কোৱাৰ লগে লগে তেওঁ মোক এটা প্ৰচণ্ড চৰ শোধায়। তাৰ পাছতে নিবাসৰ সকলো ছাত্ৰ গোট খাইছিল। তাতে বহুতো ছাত্ৰ ই উচতনি দিয়ে যে মোক মাৰিব লাগে আৰু মোক খেদি উলিয়াই দিব লাগে। তেনেতে নিৱাসৰ এজন সকলোতকৈ জ্যেষ্ঠ ল’ৰা (বুঢ়া ছাত্ৰ) ৰক্তপল গগৈ আহি পুনৰ একে প্ৰশ্নৰ অৱতাৰণা কৰে যে মই কিয় বিশাল শৰ্মাক ভোট দিয়া নাই। মই মিচিং চেণ্টি ফালিছো ইত্যাদি ধৰণৰ কথা শুনাবলৈ ধৰে। উল্লেখযোগ্য যে, বিশাল শৰ্মা উপ সভাপতি পদৰ প্ৰাৰ্থী হোৱাৰ লগতে মাইল্চ ব্ৰনছন ছাত্ৰ নিবাসৰ এজন আবাসী আৰু আছু (ASSU) ৰ সমৰ্থিত আছিল। তেনেস্থলত ময়ো মিছিং সম্প্ৰদায়ৰ হোৱাৰ বাবে মোক লক্ষ্য কৰি লৈছিল। তেওঁলোকৰ মুখত বাৰে বাৰে শুনিবলৈ পাইছিলোঁ- “তই ইয়াত মিছিং চেণ্টি ফালিব আহিছে? ইয়াত অকল ‘আছু’ চলিব”। এনেধৰণৰ কথা।

তেওঁলোকৰ মোৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতনো চলিয়েই আছিল। ৰক্তপল গগৈয়ে পুনৰ মোক দুটা চৰ শুনাইছিল। ইয়াৰ পাছতে ভাস্কৰ গগৈ নামৰ এজনেও মোৰ গাত হাত তোলে। সমান্তৰাল ভাৱে বিশাল শৰ্মাইয়ো মোক এটা গোৰ মাৰি বগৰাই দিয়ে। ইতিমধ্যে নিৱাসৰ তত্বাৱধায়কজন ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোক সামৰিবলৈ নিৰ্দেশ দিয়াৰ বিপৰীতে সমানে তেওঁলোকক সহায়হে কৰা পৰিলক্ষিত হ’ল। এনেদৰে তেওঁলোকে মোক প্ৰায় ডেৰঘণ্টা ধৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই যায়। তেওঁলোকে ইমানেই প্ৰবলভাৱে মোক নিৰ্যাতন চলাইছিল যে, মই প্ৰায় দুঘণ্টা ধৰি বাওঁফালৰ কাণখনেৰে একো শুনিবলৈ পোৱা নাছিলোঁ। ইয়াৰ লগতে তেওঁলোকে মোক বাৰে বাৰে “নিবাসৰ পৰা ওলাই যা, বাহিৰত এইবোৰ কথা ক’বি তোক মাৰি পেলাম” ইত্যাদি ধৰণৰ ভাবুকি প্ৰদান কৰে। লগতে এখন উকা কাগজত মোক তেওঁলোকে কোনোধৰণৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰা নাই, মই নিজ ইচ্ছা অনুসৰিহে নিবাসৰ পৰা ওলাই গৈছো বুলি লিখিবলৈ বাধ্য কৰোৱায়। মই লিখিব লগাত পৰোঁ কাৰণ সেইসময়ত মোক প্ৰায় ১০০ জন মান ছাত্ৰ ই আগুৰি ধৰি আছিল। এইয়া মোৰ প্ৰাণৰ সংশয় আছিল।

ঘটনাটোৰ পাছত প্ৰায় ৫:৩০‌ মান বজাত নিবাসৰ পৰা পলাই আহি ওচৰৰ আন এটা নিবাসত আশ্ৰয় লওঁহি আৰু নৱনিৰ্বাচিত সাধাৰণ সম্পাদকক সম্পূৰ্ণ ঘটনা বিৱৰি কওঁ। তেওঁ মোক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। তাৰ পাছত মই আমাৰ বিভাগৰ প্ৰাধ্যাপক তথা শিক্ষাগুৰুক সমস্ত ঘটনাৰ বৰ্ণনা কৰোঁ। তেওঁলোকে তৎক্ষণাত ঘটনা সম্পৰ্কত বিশ্ববিদ্যালয়ৰ প্ৰশাসনক অৱগত কৰে। উল্লেখযোগ্য যে, মোৰ ঘটনাটোৰ সময়ত নিবাসৰ ওচৰে পাজৰে কোনো নিৰাপত্তাৰক্ষী নাছিল।

ঠিক ৭ মান বজাত “Dean of student affairs” আৰু “Register” সহ কেইবাজনো শিক্ষকে মোক পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিবাসত লগ কৰি চিকিৎসালয়লৈ পঠিয়াই। (কিন্তু বিশ্ববিদ্যালয়ৰ চিকিৎসকে আজিলৈকে মোক কোনোধৰণৰ প্ৰমাণ পত্ৰ প্ৰদান নকৰিলে।) বিভাগৰ ফালৰ পৰাও বিশ্ববিদ্যালয়ৰ প্ৰশাসনলৈ আবেদন কৰা হ’ল। আনহাতে ময়ো নিকটৱৰ্তী আৰক্ষীচকীত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰোঁ। (আজিলৈকে কোনো সদুত্তৰ নাপালোঁ।)

এইসমূহৰ বিপৰীতে ৪৮ ঘণ্টাৰ পাছত মাইলছ ব্ৰনছন ছাত্ৰ নিবাসৰ এজন ছাত্ৰই মোৰ বিপৰীতে মিছা গোচৰ তৰে যে, ঘটনাটোৰ দিনা ৰাতি ১০ বজাত মই ওপৰ মহলাত তেওঁক কটাৰীৰে আঘাত কৰিবলৈ গৈছিলোঁ। এই গোচৰটো সন্দৰ্ভত মোৰ সিদ্ধান্ত এয়ে যে,

১/‌ মই লৰাজনক ভালদৰে চিনি নাপাওঁ।

২/ তেওঁ ঘটনাটো বিশ্ববিদ্যালয়ক অৱগত নকৰাকৈ পোনপটীয়াকৈ ৪৮ ঘণ্টাৰ পাছত আৰক্ষী চকী লৈ যায়।

৩/ মই সেইদিনা ওপৰ মহলালৈ যোৱাই নাছিলোঁ, নিজৰ কোঠাতে পঢ়া-শুনা কৰি আছিলোঁ।

৪/ ৪৮ ঘণ্টাৰ পাছত কেনেদৰে গোচৰ তৰিব পাৰে নেকি? যিহেতু মই ঘটনাৰ দিনাই সকলোকে আবেদন কৰিছিলোঁ।

কিন্তু উল্লেখযোগ্য যে, আৰক্ষীয়েও সত্যটো থাকিবলৈ মোৰ গোচৰটোৰ গুৰুত্ব কমাই সেই ৪৮ ঘণ্টাৰ পাছত দিয়া মিছা গোচৰটোতহে বেছিকৈ গুৰুত্ব দি মোক যথেষ্ট মানসিক হাৰাশাস্তি কৰিলে।

১০ তাৰিখে বিভাগৰ সকলো ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য বিভাগ আৰু কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী আহি দাবী জনাই যে, উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে আৰু বিশ্ববিদ্যালয়ৰ লগতে নিবাস সমূহত গোন্দাৰ দৰে ছাত্ৰ সমূহৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। কাৰণ মোৰ ওপৰত অত্যাচাৰ চলোৱা সকলৰ ভিতৰতে তিনিজন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হোৱাৰ লগতে “আছু (ASSU)” কৰিছোঁ বুলি দাদাগিৰি চলাই থাকে।

উপৰোক্ত দাবীসমূহৰ ভিত্তিত অৰ্থাৎ সেইসমূহৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়ৰ প্ৰশাসনে Disciplinary Action Committee (DAC) প্ৰস্তুত কৰি দিয়ে আৰু সেইদিনাই আবেলি মোৰ ভাষ্য গ্ৰহণ কৰে, লগতে কয় যে, ১৯ এপ্ৰিল তাৰিখে সিদ্ধান্ত দিয়া হ’ব। আমি অপেক্ষা কৰি ৰ’লো। (এইখিনিতে জনাওঁ যে, মই ইতিমধ্যে পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিবাসত ঘটনাটোৰ পাছদিনা ই স্থায়ী আবাসী হিচাপে পদাৰ্পণ কৰোঁ)। কিন্তু ১৯ তাৰিখ নালাগে ২২, ২৩ তাৰিখ পৰ্যন্তও প্ৰশাসনৰ ফালৰ পৰা একো সদুত্তৰ নাপালোঁ।

মই বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাকো আবেদন জনাওঁ যে, বিষয়টো গুৰুত্বসহকাৰে ল’ব লাগে, নহ’লে ক্ৰমান্বয়ে গুৰুত্ব হ্ৰাস পাইছে। আজিলৈকে তাৰো উত্তৰ নাপালোঁ। ইফালে বিশ্ববিদ্যালয়ৰ ফালৰ পৰাও মোক কোনোধৰণৰ ন্যায় প্ৰদান কৰিব নোৱাৰিলে।

সমান্তৰালভাৱে মই ১২ এপ্ৰিল তাৰিখে University Grant Commission (UGC) ৰ Anti Ragging cell টো আবেদন জনাওঁ আৰু তেওঁলোকে গ্ৰহণ কৰি Complain number AS- 6653 বুলি জনায়। মই ফোন কৰিলে উৰ্ধতন কতৃপক্ষক জনোৱা হৈছে বুলি কয়। মই ব্যক্তিগতভাৱে ডিব্ৰুগড় জিলাৰ উপায়ুক্তকো আবেদন প্ৰেৰণ কৰোঁ যদিও আজিলৈকে কোনো উত্তৰ নাপালোঁ। ইয়াৰ বিপৰীত বিশ্ববিদ্যালয়ে সমগ্ৰ ঘটনাটো গাপ দিয়াৰহে অপ্ৰাণ চেষ্টা চলাই আছে যেন বোধ হয়। আনহাতে এচাম বিপৰীত পক্ষৰ শিক্ষকে মোক ভৱিষ্যত বৰবাদ হোৱাৰ ভয় দেখুৱাই তেওঁলোকৰ লগত মিলা মিচা কৰি ল’বলৈহে উচতনি দিয়ে। ফলত মই মানসিক অস্থিৰতাত ভুগিবলগীয়া হয়।

এতিয়া কথা হ’ল যে, সমগ্ৰ ঘটনাটোৰ আঁৰত জাতিগত হিংসা জড়িত হৈ আছে আৰু নিৰপেক্ষ ছাত্ৰৰ ওপৰত অনৰ্থক কিছুমান সমস্যা জাপি দিয়াৰ চেষ্টা কৰা হৈছে। এই সমস্ত ঘটনাৰ মূলতে হ’ল, বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত “আছু” সমৰ্থিত প্ৰাৰ্থীৰ পৰাজয় আৰু তাকে লৈ হিংসা। যিহেতু ঘটনাটো সংঘটিত হোৱা নিবাস টো আছিল আছু ৰ সমৰ্থিত। তাত আছু ৰ দপদপনি বেছিকৈ চলে। বৰ্তমান সময়ছোৱাত বিশ্ববিদ্যালয়খন ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়নৰ বাবে নিৰাপদ স্থান নহয়। কাৰণ ইয়াত শিক্ষাৰ বিপৰীতে এচাম মুষ্টিমেয়ৰ বাবে চলে কেৱল ক্ষমতা দখলৰ ৰাজনীতি। যাৰ প্ৰভাৱ আমাৰ দৰে নিৰপেক্ষ ছাত্ৰ-ছাত্ৰী ওপৰত পৰে। এই ৰাজনীতিৰ বলি হয় বুকুত হাজাৰ আশা আৰু সপোন বান্ধি পঢ়িবলৈ যোৱা একাংশ ছাত্ৰ-ছাত্ৰী। ইয়াৰ লগত জড়িত থকাবোৰ সাধাৰণতে ৫ৰ পৰা ১০ বছৰলৈকে অধ্যয়নৰ নামত কেৱল ৰাজনীতি কৰিবলৈ খোপনি পুতি থকা এচাম গোন্দা।

এইবোৰ হ’বলৈ পোৱাৰ মূলতে ই বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ অমনোযোগিতা নে জানিও চকু মুদি থকাৰ প্ৰৱণতা? হয়তো প্ৰশাসন নিজেই তেওঁলোকৰ লগত জড়িত হৈ থাকে। জানিব পৰা মতে, এচাম শিক্ষকো আছে, যি সমস্ত ঘটনাটো জানিও দোষীক বচাবৰ বাবে দোষীক বৰপীৰা পাৰি দি তেওঁলোকৰ ভৰিৰ পানী খাই আছে। শিক্ষকে নিজৰ সন্মান নিজে হেৰুৱাইছে।

গতিকে ভাবি চাওঁক, এইয়া উচ্চ শিক্ষাৰ এখন আগশাৰীৰ অনুষ্ঠান। ৰাজনীতিৰ হওঁক, তাত কাৰো একো কবলগীয়া নাই বা আছু থকাক লৈও আমাৰ কোনো আপত্তি নাই। বৰঞ্চ আছু ক আমি সন্মান কৰোঁ এক ছাত্ৰ সংগঠন হিচাপে। কিন্তু তেওঁলোকে আছু কৰাৰ নামত শিক্ষানুষ্ঠানৰ নিৰ্বাচনত পৰাজয় হোৱাৰ বাবে নিৰপেক্ষ ছাত্ৰৰ ওপৰত নিৰ্যাতন চলাব, এইয়া মুঠেই গ্ৰহণযোগ্য নহয়। কাৰণ নিৰ্বাচনত জয় পৰাজয় থাকেই। প্ৰাৰ্থীজনে যদি জয় পৰাজয় সহজভাৱে ল’বই নোৱাৰে তেতিয়া তেওঁ সেই পদৰ বাবে উপযুক্ত প্ৰাৰ্থী হোৱাৰ সমীচিন নহয়। উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়লৈ গৈ উপযুক্ত হৈ উঠাৰ বিপৰীতে এনেধৰণৰ নীতি বিৰুদ্ধে কাৰ্যৰ বশৱৰ্তী হৈ তেওঁলোকে কিবা ফল লাভ কৰিব নে? নকৰে। যুৱ প্ৰজন্মৰ একো একোজন প্ৰতিনিধি হৈ সমাজৰ তথা ভৱিষ্যতৰ উন্নতি কমনাহে তেওঁলোকৰ কাম্য হোৱা উচিত।

এইসমূহ কেতিয়া মষিমূৰ হ’ব? মষিমূৰ হোৱাৰ কিবা উপায় আছেনে? কাৰণ এইসমূহ আজিৰ নতুন ঘটনা নহয়। যিহেতু ৰাজনীতি কৰাত কাৰো আপত্তি থাকিব নোৱাৰে, কিন্তু সেই ৰাজনীতি নিস্বাৰ্থ হ’ব লাগে। কোনোধৰণৰ হিংসাত্মক কাৰ্যকলাপে ৰাজনীতিত শোভা নাপায়। বিশ্ববিদ্যালয়ৰ ৰাজনীতি এক সুস্থিৰ আৰু মৰ্যদাপূৰ্ণ ৰাজনীতি হ’ব লাগে, যাৰ জৰিয়তে এই বাৰ্তা সমাজলৈ যায় আৰু ভৱিষ্যত প্ৰজন্মই যাতে তেওঁলোকক অনুসৰণ কৰি আগবাঢ়ি যাব পাৰে। ইয়াৰ বাবে বিশ্ববিদ্যালয়ৰ প্ৰশাসনো সতৰ্ক হ’ব লাগিব। অৰাজনৈতিক কাৰ্যৰ বিৰুদ্ধে তেওঁলোক সজাগ হৈ উঠিব লাগিব। বৰ্তমান সময়ত এই ক্ষেত্ৰখনক পূৰ্বতকৈ আমি বেলেগ ধৰণে আগুৱাই লৈ যাব লাগিব, যিহেতু আমি এতিয়া ভাবিবলৈ আৰু প্ৰয়োগ কৰিবলৈ এখন ভাল মঞ্চ পাইছোঁ। সেয়েহে আমি এই ৰাজনীতিক শুদ্ধ পথত আগুৱাই নিয়াৰ যত্ন কৰিব লাগিব।

লেখক : মনোহৰ পেগু, ডিব্ৰুগড় বিশ্ববিদ্যালয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply