জামুগুৰিহাটঃ ছাত্ৰক বিদ্যালয়ৰ প্ৰধান শিক্ষকে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি শনিবাৰে উত্তপ্ত হৈ পৰিল জামুগুৰিহাটৰ এখন বিদ্যালয়৷ জামুগুৰিহাটৰ শোণিতকোঁৱৰ গজেন বৰুৱা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ প্ৰিন্স শৰ্মাই বিদ্যালয়খনৰ বিৰতিৰ সময়ত লগৰ বন্ধুৰ সৈতে খেলি থকা অৱস্থাত বিদ্যালয়খনৰে প্ৰধান শিক্ষক দধিৰাম শৰ্মাই সাধাৰণ কথাতেই ছাত্রজনক উপৰ্যুপৰি প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে৷ প্ৰধানশিক্ষক গৰাকীৰ প্ৰহাৰত ১৩ বছৰীয়া ছাত্ৰজনে পিঠি, হাত, ভৰি আৰু মূৰত আঘাত পোৱাত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ আনি চিকিৎসকৰ পৰামৰ্শ ল’বলগীয়া অৱস্থাৰ সৃষ্টি হয়৷ ছাত্ৰজনে যদি কিবা ভূুল কৰিছে তেন্তে পৰিয়ালৰ লোকক অৱগত নকৰি এইদৰে কি কাৰণত প্ৰধান শিক্ষকগৰাকীয়ে চৰকাৰী নিৰ্দেশ অমান্য কৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অধিকাৰ পালে বুলিও প্ৰশ্ন উত্থাপন কৰিছে অভিভাৱকে৷

লগতে পঢ়কঃবৰপেটা চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন পদত নিযুক্তি সৃষ্টি

আনহাতে, প্ৰায়ে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰা এইগৰাকী প্ৰধান শিক্ষকৰ এনে কৰ্মকাণ্ডৰ বাবে উত্তপ্ত হৈ পৰিল বিদ্যালয়খনৰ চৌহদ৷ এগৰাকী ছাত্ৰক এইদৰে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰা প্ৰধান শিক্ষকৰ ওপৰত খৰ্গগ্ৰস্ত হৈ পৰে অভিভাৱকসকল। প্ৰধান শিক্ষকগৰাকীক উচিত শাস্তিৰ দাবী তুলি বিদ্যালয়খনৰপৰা বদলি কৰিবৰ বাবে উৰ্দ্ধতম কৰ্তৃপক্ষক অনুৰোধ জনাই অভিভাৱকসকলে। অৱশ্যে প্ৰধান শিক্ষক দধি শৰ্মাই নিজৰ ভুল স্বীকাৰ কৰি খং কমাব নোৱাৰাৰ বাবেই এইদৰে প্ৰচণ্ড জোৰেৰে ছাত্ৰজনক প্ৰহাৰ কৰা বুলি স্বীকাৰ কৰে৷
গুৰুসদৃশ এগৰাকী প্ৰধান শিক্ষকৰ প্ৰহাৰত এগৰাকী ছাত্ৰ চিকিৎসকৰ কাষ চাপিবলগীয়া পৰিস্থিতিয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটিত৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply