গুৱাহাটীঃৰাজ্যৰ শিক্ষাৰ্থীসকলে বাবে ডাঙৰ খবৰ। পৰিয়ালৰ বছেৰেকীয়া আয় ২লাখৰ তলৰ শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া নামভৰ্তি।

মাচুল ৰেহাই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰী বা তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ বাৰ্ষিক আয় সন্দৰ্ভত এখন শপতনামাও দাখিল কৰিব পাৰে। এনেদৰে দাখিল কৰা আয়ৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এবছৰৰ ভিতৰত পৰীক্ষা কৰিব লাগিব।

লগতে পঢ়কঃফকিৰগঞ্জত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ দুই কিশোৰীৰ সলিল সমাধি

শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ বাবে চক্ৰ বিষয়াই প্ৰদান কৰা উপাৰ্জনৰ প্ৰমাণপত্ৰৰ বিকল্প হিচাবে যিখন শিক্ষানুষ্ঠানৰ পৰা শিক্ষাৰ্থীগৰাকী উত্তীৰ্ণ হৈছে, তাৰ প্ৰধান শিক্ষক বা অধ্যক্ষই আয়ৰ প্ৰমাণপত্ৰ দিব পাৰে।

এতিয়াৰে পৰা আয়ৰ প্ৰমাণ পত্ৰ বিচাৰি চক্ৰ বিষয়া কাৰ্যালয়লৈ গৈ হাবাথুৰি খাব নালাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply