হোজাই : হোজাইত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী। পৰীক্ষা বাতিলৰ দাবীত হোজাইত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। স্নাতকোত্তৰৰ অফলাইন পৰীক্ষা বাতিলৰ দাবীত আৰু অনলাইন পৰীক্ষাৰ ব্যৱস্থা কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী সকলে।
লগতে পঢ়ক : হাট-বজাৰ শীঘ্ৰে মুকলি কৰাৰ দাবীত হোজাইত উত্তাল প্ৰতিবাদ
ছাত্ৰ ছাত্ৰীসকলে যোৱা এপ্ৰিল মাহৰ পৰা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক চাৰি বাৰকৈ স্মাৰক পত্ৰ দিয়াৰ পিছতো কোনো সিদ্ধান্ত গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। অতি শীঘ্ৰে উচিত সিদ্ধান্ত গ্ৰহণ কৰি অফলাইন পৰীক্ষা বাতিল কৰি অনলাইন পৰীক্ষাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে ছাত্ৰ-ছাত্ৰী সকলে।