লখিমপুৰ : লখিমপুৰত সংঘটিত হৈছে এক শোকবাহ ঘটনা। এগৰাকী মেধাবী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল হোৱাৰ বাবেই আত্মহত্যা কৰিলে মেধাবী ছাত্ৰী গৰকীয়ে।
লখিমপুৰ জিলাৰ কৰ্চনৰ মাজকুৰিত এগৰাকী মেধাবী ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাচি লৈছে। ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল হোৱাৰ বাবেই ছত্ৰী গৰাকীয়ে আত্মহত্যাৰ পথ বাচি লয়। পৰীক্ষাত উন্নত মানৰ ফলাফল লাভ কৰিব বুলি ছত্ৰী গৰাকীয়ে মনত আশা পুহি ৰাখিছিল কিন্তু পৰীক্ষা বাতিল হোৱাত ছাত্ৰী গৰাকীৰ আশা পুনৰ নোহোৱাত নিৰাশ হৈ ছাত্ৰী গৰাকীয়ে এই পথ বাচি লয়।
লগতে পঢ়ক : কামৰূপ মহানগৰত টীকাকৰণ কেন্দ্ৰ বৃদ্ধিৰ নিৰ্দেশ জিলা উপায়ুক্তৰ
পিতৃহাৰা ছাত্ৰী গৰাকীৰ নাম ৰাণী গগৈ বুলি জানিব পৰা গৈছে। ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰা হৈছে।