গোৰেশ্বৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মূল্যাংকন পদ্ধতি সম্পৰ্কে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাই।

শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিবলৈ ওলোৱা প্ৰমাণ পত্ৰ আৰু মাৰ্কচিট উচ্চশিক্ষাৰ লাভৰ বাবে প্ৰযোজ্য হ’ব যদিও চাকৰি লাভৰ বাবে প্ৰযোজ্য নহ’ব বুলি প্ৰকাশ কৰাত ক্ষোভিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল।

আৰু পঢ়কঃজামুগুৰিহাটত পথ আৰু দলং নিৰ্মাণত ব্যৱহৃত ডাম্পাৰে কদৰ্যময় কৰি তুলিলে বাটপথ

যিসময়ত চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিলে কিন্তু ছাত্র-ছাত্ৰীৰ জীৱনৰ দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত নকৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ সৈতে হেতালি খেলিলে তাকে লৈ সৰৱ হৈ উঠিছে বাগসা জিলাৰ গোৰেশ্বৰৰ অধিকাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকা।

শিক্ষা বিভাগে প্ৰদান কৰা মাৰ্কচিট আৰু প্ৰমাণ পত্ৰক মান্যতা প্ৰদান কৰিবলৈ তথা চাকৰি-বাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিবলৈ দাবী জনাইছে। লগতে শিক্ষা বিভাগৰ লগতে চৰকাৰৰ এই সিদ্ধান্তত হতাশাগ্ৰস্ত হৈ পৰা ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি নেখেলি তেওঁলোকে ভৱিষ্যত জীৱনত অসুবিধা নোহোৱাকৈ আগুৱাই যাবলৈ শিক্ষা বিভাগৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply