নিউজ ডেস্কঃ সদ্য়ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাক লৈ সন্তুষ্ট নহয় একাংশ ছাত্ৰ-ছাত্ৰী।

সেয়েহে যিসকল শিক্ষাৰ্থী ফলাফলক লৈ অসন্তুষ্ট সেইসকল শিক্ষাৰ্থী পুনৰ অৱতীৰ্ণ হ’ব পাৰিব এক বিশেষ পৰীক্ষাত।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বৰ্তমানৰ সকলো নিয়মীয়া শিক্ষাৰ্থী, বেটাৰমেণ্ট, প্ৰাইভেট পৰীক্ষাৰ্থীৰ বাবে এই সুবিধা প্ৰদান কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

লগতে পঢ়কঃবিৰোধীৰ উত্তাল প্ৰতিবাদত সদন স্থগিত কৰিবলৈ বাধ্য হ’ল অধ্যক্ষ

শিক্ষাৰ্থীসকলে এই সন্দৰ্ভত নিজৰ শিক্ষানুষ্ঠানৰ পৰা লাভ কৰিব পাৰিব সবিশেষ তথ্য।

অহা ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত সেই বিশেষ পৰীক্ষাৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব।

পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে লাভ কৰিব পৰীক্ষাৰ নতুন মূল্যায়নৰ আধাৰত মাৰ্কশ্বিট।

ইয়াৰ আগতে শিক্ষাৰ্থীসকলে জমা দিব লাগিব বৰ্তমান প্ৰদান কৰা মাৰ্কশ্বিট।



Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply