গুৱাহাটী – কোনো ছাত্ৰ-ছাত্ৰীয়ে ইচ্চা কৰিলে গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজীৰ পৰিৱৰ্তে অসমীয়া ভাষাতো পঢ়িব পাৰিব৷ এই ক্ষেত্ৰত কোনো বাধা নাই৷ শেহতীয়াকৈ ৰাজ্যৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানসমূহত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পঢ়িব লাগিব বুলি চৰ্চা চলি থকাৰ মাজতে কালি মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজীতেই পঢ়িবই লাগিব বুলি বাধ্যবাধকতা নাই।
কালি গুৱাহাটীত একাংশ সাংবাদিকৰ সৈতে এক মত-বিনিময় কৰি মন্ত্ৰীজনে কয় যে চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই দুয়োটা বিষয়ত শিক্ষা ইংৰাজীত প্ৰদানৰ কথা ভাবিছে৷ কিন্তু এয়া বাধ্যতামূলক নহয়৷
ইংৰাজীৰ বিকল্প হিচাপে ছাত্ৰ-ছাত্ৰীসকলে ইচ্চা কৰিলে অসমীয়া ভাষাতো শিক্ষা গ্ৰহণ কৰিব পাৰিব৷ তেওঁ লগতে কয় যে যিসকলে বিৰোধিতা কৰিছে তেওঁলোকৰ বহুসংখ্যকৰে সন্তানে অসমীয়া মাধ্যমত পঢ়া নাই৷ আজিৰ তাৰিখত ধনী লোকসকলৰ সন্তানে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰাৰ বিপৰীতে দুখীয়া লোকসকলৰ সন্তানে চৰকাৰী বিদ্যালয়সমূহত অধ্যয়ন কৰি আছে। এনেদৰে হ’লে জাতি ৰক্ষা নহয়৷ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহত অধ্যয়ন কৰাসকলেও ভালদৰে ইংৰাজী ভাষা জানিব লাগিব৷
আনহাতে, ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো যাতে অসমীয়া ভাষাৰ শিক্ষা সঠিকভাৱে প্ৰদান কৰে, সেই ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব দিছে বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নতো চৰকাৰে কাম কৰি আছে৷ চৰকাৰী বিদ্যালয়ৰ প্ৰতি মানুহৰ আস্থা ঘূৰাই আনিব লাগিব বুলিও মত ব্যক্ত কৰে মন্ত্ৰীজনে৷
উল্লেখ্য যে ৰাজ্য চৰকাৰখনে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজীত পঢ়ুওৱাৰ বাবে লোৱা সিদ্ধান্তক লৈ ৰাজ্যত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি আহিছে৷