শুৱালকুছিৰ বস্ত্ৰশিল্প

দেশ ৰাজ্যত দেখা দিয়া মহামাৰীসদৃশ কোৰোনা ভাইৰাছৰ দ্বিতীয় লহৰে ঐতিহ্যমন্ডিত শুৱালকুছিৰ পাট-মুগাৰ বস্ত্ৰশিল্প প্ৰায় বিধস্ত কৰিছে | যোৱা বছৰৰ লকডাউনে বাৰুকৈয়ে কোঙা কৰি পেলোৱাৰ পিছত এইবাৰ আকৌ দ্বিতীয় লহৰে শিল্পটিক ধ্বংসৰ দিশলৈ লৈ গৈছে |
শুৱালকুছিৰ পাট-মুগা আৰু টচ কাপোৰৰ ব্যৱসায়ৰ চিজনটো আৰম্ভ হয় বহাগ মাহৰ পৰা | বিশেষকৈ বিৱাহক লৈয়েই শুৱালকুছিৰ বস্ত্ৰ শিল্পৰ ব্যবসায় | যোৱা বছৰৰ লকডাউনৰ ক্ষতিপূৰণ কৰাৰ চেষ্টাত আগবাঢ়োতেই এইবাৰো একেই পৰিবেশ |

ইয়াৰ ফলত একাংশ ক্ষুদ্ৰ ব্যবসায়ীৰ তাঁতশালবোৰ বন্ধ হৈ পৰে |উৎপাদিত কাপোৰ বোৰ বিক্ৰী কৰিব নোৱাৰাৰ ফলত শিল্পটোৰ সৈতে জড়িত শিপিনী বোৱনী আৰু যোগালীসকলক মজুৰি দিব নোৱাৰাত শুৱালকুছিৰ বাহিৰৰ বহু শিল্পীয়ে নিজৰ ঘৰলৈ উভতিব লগা হয় |

এইবাৰো একেই অৱস্থা তেওলোকৰ | শিল্পীসকলৰ অৱস্থাতো একেবাৰে কাঢ়িল লগতে শিল্পটোলৈ কঢ়িয়াই আনিছে মৃত্যুৰ ভাবুকি | বিশ্ব দৰবাৰত অসমৰ গ’ল্ডেন চিল্ক আজি পৰিচয় বুটলিবলৈ সক্ষম হৈছে, এনে এটা সময়ত এই শিল্পটোৰ সৈতে জড়িত সকলৰ ভবিষ্যৎ সুৰক্ষিত কৰাৰ ব্যবস্থা নকৰিলে ইয়াক জীয়াই ৰখাতো অসম্ভব |

লগতে পঢ়ক অবৈধ বাংলাদেশীয়ে ভাৰতত আহি চলাইছিল বীভৎস কান্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply