গুৱাহাটীঃ মহানগৰী আঠগাঁও মাৰোৱাৰী হস্পিতালৰ চিকিৎসকৰ বৃহৎ সাফল্য। এবছৰীয়া এটি শিশুৰ খাদ্যনলীত লাগি ধৰা এটি এটকীয়া মুদ্ৰা জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে বাহিৰ কৰিবলৈ সক্ষম হয় চিকিৎসকৰ এটি দলে।

মঙলবাৰে সন্ধিয়া মহানগৰীৰ ৰিহাবাৰীৰ এটি কন্যা শিশুয়ে খেলি থাকোতে দুৰ্ঘটনাক্ৰমে এটকীয়া মুদ্ৰাটো খাদ্যনলীত লাগি ধৰে। ইয়াৰ পিছতে শিশুটিৰ অৱস্থা সংকটজনক হোৱাত লগে লগে মহানগৰী আঠগাঁও মাৰোৱাৰী হস্পিতালৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰায়। শিশুটিৰ এক্স-ৰে ৰিপৰ্টত শিশুটিৰ খাদ্যনলীত এটা মুদ্ৰা ধৰা পৰে।

লগে লগে চিকিৎসক ডাঃ অমিত কুমাৰ আগৰৱালা, দুগৰাকী এনাস্থেচিয়া চিকিৎসক ডাঃ কৌশিক বৰা আৰু ডঃ কাৰ্তিক বসুমতাৰীৰ সহযোগত অস্ত্ৰোপচাৰৰ জৰিয়তে মুদ্ৰাটো খাদ্যনলীৰ পৰা বাহিৰ কৰিবলৈ সক্ষম হয়।

শিশুটিক নিশাটো পৰ্যবেক্ষণত ৰাখি পুৱাই শিশুটিক ডিচচাৰ্জ দিয়া হয়। বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে।

লগতে পঢ়কঃআজি মিচিংসকলৰ আলি-আয়ে-লৃগাং উৎসৱ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply