গুৱাহাটীঃ এটি এমহীয়া শিশুৰ শৰীৰৰ নিম্নাংশত জন্মগত ভাৱে হোৱা ৫০০গ্ৰাম ওজনৰ ,মূৰৰ আকৃতিৰ এটা টিউমাৰ সফল অস্ত্ৰোপচাৰেৰে গুচাবলৈ সক্ষম হৈছে গুৱাহাটীৰ হেলথ্ চিটী হাস্পিতালৰ শল্য চিকিৎসকৰ দলে।

বিশিষ্ট স্নায়ুশল্য ৰোগ বিশেষজ্ঞ ডাঃ এন কে দাসৰ নেতৃত্বত গঠিত নিউৰ’অংকোলজি শল্য চিকিৎসকৰ দলে ৩ঘন্টা সময় ধৰি চলোৱা অস্ত্ৰোপচাৰৰ অন্তত বিশাল আকৃতিৰ টিউমাৰটো শিশুটিৰ কোনো ক্ষতি নোহোৱাকৈ আঁতৰাবলৈ সক্ষম হয়। 

এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰী কৰিছে হেলথ চিটী হস্পিতালৰ ফেচিলেটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই।

কন্যা শিশুটিৰ যৌনাংগ আৰু মল-মূত্ৰ ত্যাগ কৰা অংগৰ সমীপত হোৱা টিউমাৰটো গুচাই দিয়াৰ ফলত তেওঁৰ যৌনাংগ আৰু মলদ্বাৰ আদিৰ স্থায়ীভাৱে ক্ষতি হোৱাৰ সম্ভাৱনা আছিল।

সেয়ো অস্ত্ৰোপচাৰৰ পূৰ্বে মাতৃ দুগ্ধ পান কৰাই শিশুটিক স্বাস্থ্যৱান কৰি তুলিবলৈ অভিভাৱকক পৰামৰ্শ দিয়া হয়।

৩মাৰ্চত শিশুটিক ভৰ্তি কৰোৱা হয় আৰু কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ টিউমাৰটো অস্ত্ৰোপচাৰ কৰি গুচাই দিয়া হয়। জটিল অস্ত্ৰোপচাৰত ডাঃ এন কে দাসক সহযোগিতা আগবঢ়ায় কৰ্কট শল্য চিকিৎসা বিশেষজ্ঞ ডাঃ নিজু পেগু, এনাস্থেচিয়া বিশেষজ্ঞ ডাঃ সংকট এম বৰা আৰু ডাঃ মৰমী মাধুৰী বৰগোঁহায়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply