দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ বেপাৰীপাৰাত শনিবাৰে বিয়লি প্ৰায় ৪ বজাত আৰক্ষীয়ে এক অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰীসহ আটক কৰে। সুখচৰ থানাৰ অন্তৰ্গত বেপাৰীপাৰা-মালাখোৱা নতুন দলঙৰ ওপৰত সুখচৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ আধাৰত অভিযান চলাই এম এল-০৮-ই-৮৮৪৭ নম্বৰৰ মটৰ চাইকেল এখনেৰে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী সুখচৰৰ পৰা হাটশিঙিমাৰী অভিমুখে নি থকা অৱস্থাত আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।
আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী জনৰ পৰা ৫০ বটল কফ চিৰাপ উদ্ধাৰ কৰে। ইতিমধ্যে সুখচৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন সুখচৰ থানাৰ ফাত্তাপাৰা গাঁৱৰ ফৰিজ উদ্দীন আহমেদৰ পুত্ৰ বাবু শেখ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে মটৰ চাইকেলখন জব্দ কৰিছে বুলি সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুদীপ চৌধুৰীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে কিছুদিন ধৰি জিলাখনৰ দক্ষিণ শালমাৰা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলাৰ লগতে সুখচৰ আৰক্ষীয়েও ড্ৰাগছৰ বিৰোধী অভিযান আৰম্ভ কৰিছে। ভাৰত-বাংলাদেশ সীমান্তবৰ্তী জিলাখনৰ বিভিন্ন প্রান্তেৰে এটা চক্ৰই দীৰ্ঘদিনৰ পৰা বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ বিপৰীতে বাংলাদেশৰ চক্ৰটো অসমলৈ ভাৰতীয় টকাৰ জালনোট সৰবৰাহ কৰি আহিছে।