ৰূপহীহাট : চুখই-৩০ যুদ্ধ বিমান দুর্ঘটনাগ্ৰস্ত হৈ ভূপতিত হোৱাৰ পিছৰে পৰাই শস্যৰ সপোন মৰহিল জুৰীয়াৰ পূব কলাডুবাৰ খেতিয়কৰ৷ সহায্যৰ আশ্বাস প্ৰদান কৰাৰ চৰকাৰ এতিয়া নিৰ্বিকাৰ। বিভাগীয় কৰ্তৃপক্ষৰো গুৰুত্ব নাই।

২০১৫ চনৰ সেই অভিসপ্ত দিনটোৰ কথাটো এতিয়াও পাহৰিব পৰা নাই নগাঁও জিলাৰ জুৰীয়াৰ পূব কলাডুবাৰ ৰাইজে। এটা প্ৰকাণ্ড শব্দই জোকাৰি গৈছিল পূব কলাডুৱা অঞ্চল। ভাৰতীয় বায়ু সেনাৰ চুখই-৩০ নামৰ অত্যাধুনিক এখন যুদ্ধ বিমান তেজপুৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে দুৰ্ঘটনাত পতিত হৈ ১৫ ফুট দ গাতৰ সৃষ্টি কৰি সোমাই পৰিছিল পূব কলাডুৱাৰ ধাননি পথাৰত।

অৱশ্যে বিমানখনৰ দুজন চালকে আকাশ মাৰ্গৰ পৰা পেৰাছ্যুটেৰে জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰিছিল৷ পিছে এই বিমান দুর্ঘটনাৰ ছয়টাকৈ বছৰ অতিক্ৰম হোৱাৰ পিছতো আজিও ইয়াৰ ৰাইজে কুফল ভোগ কৰি আহিছে। কেইবাদিনো অভিযান চলাই দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্সৰ লগতে আন কিছু অংশ উদ্ধাৰ কৰা হৈছিল। এই দুর্ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল পাঁচজনকৈ স্থানীয় লোক।

লগতে পঢ়ক :  কাৰ্য্যক্ষম হৈ উঠাৰ দিশত সোণাৰিৰ লংপতীয়া কৃষি বীজপাম

উল্লেখযোগ্য যে বিমানখনৰ ইন্ধন খেতি-পথাৰত বিয়পি পৰাত শস্যৰ ব্যাপক ক্ষতি সাধন হৈছে। দুর্ঘটনাৰ পিছতেই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত লোকক ক্ষতি পুৰণ দিয়াৰ লগতে উপযুক্ত চিকিৎসা আশ্বাস দিছিল যদিও আজিলৈকে ফুটা কড়িও এটা নাপালে পৰিয়াল কেইটাই। পৰিয়াল কেইটাই সাহায্যৰ ব্যৱস্থা কৰি দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply