চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ৰাজহুৱা শুনানি

নগাঁও: ২২ এপ্ৰিলত ৰহস্যজনকভাৱে ৰহাৰ প্ৰকাশ বৰঠাকুৰৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল চুমিলা ৰংহাংপী নামৰ বনকৰা কিশোৰীগৰাকীৰ মৃতদেহ ৷

ৰহাৰ খাইগড়ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ নামৰ লোকজনৰ ঘৰত বিগত ৫ বছৰ ধৰি বনকৰা ছোৱালী হিচাপে আছিল পশ্চিম কাৰ্বি আংলঙৰ ভকচঙৰ ১২ বছৰীয়া কিশোৰীগৰাকী । লোকজনৰ বাসগৃহৰ পিছফালে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ ৷

আজি পুৱা দহ বজাৰ পৰা তিনি বজালৈ গ্ৰহণ কৰা হয় এই ৰাজহুৱা শুনানি। ৰাজহুৱা শুনানিৰ সময়ত ট্ৰাইবেল সংঘ, আছু, জাতীয়তাবাদী যুৱ পৰিষদ, মাছ, তিৱা ছাত্ৰ সন্থা, নাৰী সন্থা আদিকে ধৰি ৰাজ্যৰ বিভিন্ন দল সংগঠন, কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি সমাজ, কাৰ্বি মহিলা সমাজ আদিয়ে এজনীয়া তদন্ত আয়োগৰ ওচৰত স্মাৰক পত্ৰ দিয়াৰ লগতে ১২ বছৰীয়া বনকৰা ছোৱালী সুমিলা ৰংহাংপীক প্ৰকাশ বৰঠাকুৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ তুলি হত্যাকাৰীক চৰম শাস্তিৰ দাবী তোলে।

আৰু পঢ়ক http://খুমটাইৰ শাঁওতলী চাহ বাগিচাত কোৰোনাৰ গণ সংক্ৰমণ
ৰহা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত শুনানী গ্ৰহণ কৰে মধ্য অসমৰ আয়ুক্ত মলয় বৰাক লৈ গঠন কৰা এজনীয়া তদন্ত আয়োগে।

ইপিনে ৰাজহুৱা শুনানি গ্ৰহণ কৰি মধ্য অসমৰ আয়ুক্ত মলয় বৰাই কয় যে  আমি দল-সংগঠনৰ শুনানি গ্ৰহণ কৰিছো। দোষীয়ে যথাবিহিত শাস্তি লাভ কৰিব।আজি ৰাজহুৱা শুনানি গ্ৰহণ অনুষ্ঠানত মৃত সুমিলা ৰংহাপীৰ পিতৃ-মাতৃও উপস্থিত থাকে।

আৰু পঢ়ক http://“চুমিলা ৰংহাংপী” হত্যাকাণ্ডৰ দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত নাজিৰাত প্ৰতিবাদী কাৰ্যসূচী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,841 other subscribers

Leave a comment

Leave a Reply