গুৱাহাটীঃ ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। বানে প্লাৱিত কৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল। সেয়ে ৰাজ্যত আগুৱাই দিয়া হৈছে গৰম বন্ধ। বৃহস্পতিবাৰে জনতা ভৱনত এই সন্দৰ্ভত ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ২৫জুনৰ পৰা ২৫জুলাইলৈ শিক্ষানুষ্ঠান সমূহত গৰম বন্ধৰ ঘোষণা কৰিছে শিক্ষামন্ত্ৰীয়ে। যি সমূহ বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হৈ আছে সেই সমূহ বিদ্যালয়ক ২৫জুনৰ পূৰ্বেই পৰীক্ষা সমাপ্ত কৰাৰ নিৰ্দেশ দিছে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে বিদ্যালয়সমূহত গৰম বন্ধ জুলাই প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু কেইবাখনো জিলাত বানপানীৰ বাবে অধিকাংশ বিদ্যালয়ে বন্ধ ৰাখিবলগীয়া হৈছে সেয়েহে এইবাৰ গৰম বন্ধ আগুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰটো একেই নিয়ম প্ৰযোজ্য হ’ব।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে বজালী, বাক্সা,বৰপেটা, বিশ্বনাথ,বঙাইগাঁও, কাছাৰ, চিৰাং,দৰং,ধেমাজি, ধুবুৰী,ডিব্ৰুগড়, ডিমাহাছাও, গোৱালপাৰা,গোলাঘাট,হাইলাকান্দি, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, পশ্চিম কাৰ্বিআংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ,শোণিতপুৰ, দক্ষিণ শালমাৰা, তামুলপুৰ,তিনিচুকীয়া আৰু ওডালগুৰি এই ৩২ জিলাৰ ৪,৯৪১ খন গাঁৱৰ ৫৪.৭লাখ লোক বানৰ কবলত পৰিছে।