গুৱাহাটী : উত্তৰ-পূর্বাঞ্চলৰ সর্ববৃহৎ ফেশ্বন আৰু পেজেণ্ট ইভেন্ট সংগঠক মেগা এণ্টাৰটেইনমেন্টে গুৱাহাটীৰ ছােহম এম্পােৰিঅ’ত অনুষ্ঠিত সংবাদমেলত চানচিল্ক মেগা মিছ নর্থ ইষ্টৰ ১৮ সংখ্যক সংস্কৰণৰ গ্ৰেণ্ড ফিনালেৰ তাৰিখ ঘােষণা কৰে। সংবাদমেলত ফেশ্বন উদ্যোগী তথা মেগা এন্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিত সিংহ, মেগা মিছ নর্থ ইষ্ট ২০১৮ জ্যোতিস্মিতা বৰুৱা আৰু মেগা এণ্টাৰটেইনমেণ্টৰ অফিচিয়েল ডিজাইনাৰ দীপিকা দেৱীয়ে ভাষ্য প্রদান কৰে। ১৮ তম চানচিল্ক মেগা মিছ নর্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে ২৯ ডিচেম্বৰত সন্ধিয়া ৫ বজাৰ পৰা মাছখােৱাস্থিত আইটিএ সাংস্কৃতিক প্রকল্প অনুষ্ঠিত হ’ব। এই প্রতিযােগিতাখনক সমর্থন কৰিছে শীর্ষ পৃষ্ঠপোষক চানচিল্ক “ড্রীম অন, শ্বাইন অন, উইথ চানচিল্ক থিক এণ্ড লং”, আইটেক্স ডেজলাৰ, হস্পিটালিটি পার্টনাৰ ৰেডিচন ব্ল, শ্বপিং পার্টনাৰ ছােহম আৰু জুৱেলাৰী পার্টনাৰ এল গােপাল জুৱেলাছে।
চানচিল্ক মেগা মিছ নর্থ ইষ্টৰ ১৮ তম সংস্কৰণ ঘােষণা কৰি অভিজিত সিংহই কয়, “উত্তৰ-পূবৰ আটাইতকৈ প্রতীক্ষিত সৌন্দর্য প্রতিযােগিতাখন উভতাই আনিবলৈ পাই আমি খুবেই আনন্দিত। এই বছৰ চানচিল্ক মেগা মিছ নর্থ ইষ্টৰ আটাইতকৈ অনন্য দিশটো হ’ল যে প্রতিযােগিতাখনত কেৱল এগৰাকী নহয়, তিনিগৰাকী বিজয়ী থাকিব! এইবাৰ কোনাে নাৰ্ছ-আপ নহ’ব আৰু তিনিওগৰাকী শীর্ষ প্রতিযােগীক একেটা পুৰস্কাৰ পেকেজৰ সৈতে সমান মর্যাদাৰে মুকুট পিন্ধোৱা হ’ব। মেগা এণ্টাৰটেইনমেণ্টৰ লক্ষ্য হৈছে প্ৰতিগৰাকী যুৱতীক যুৱ প্রতিনিধি হিচাপে উত্তৰ-পূর্বাঞ্চলত ইতিবাচক পৰিৱৰ্তনৰ শক্তি হােৱাৰ সমান সুযােগ প্রদান কৰা। সেয়েহে, এইটো আমাৰ এক পদক্ষেপ, আমাৰ বিজয়ীসকলৰ বাবে আগবাঢ়ি যােৱাৰ বাবে এনে ধৰণৰ অধিক সুযােগ মুকলি কৰাৰ।”
লক্ষণীয়ভাৱে, মেগা এণ্টাৰটেইনমেন্টে এই বছৰ প্রতিযােগীসকলৰ বাবে নিম্নতম উচ্চতাৰ চৰ্তও প্রত্যাহাৰ কৰিছে, যাতে প্ৰতিগৰাকী প্রতিভাৱান আৰু আত্মবিশ্বাসী মহিলাই প্রতিযােগিতাৰ পৃথিৱীত সুনাম অর্জন কৰাৰ সুযােগ পায়। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্রীয় প্রতিযােগিতা বর্তনীত স্থান পােৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ বহুতাে প্রতিভাশালী মহিলাৰ বাবে উচ্চতা আটাইতকৈ ডাঙৰ বাধা হৈ পৰে। “কোভিডে আমাৰ সকলােৰে বাবে অত্যন্ত কঠিন সময় আনিছিল, আৰু আমি এবছৰৰাে অধিক সময়ৰ বাবে প্রতিযােগিতাখন। আয়ােজন কৰাৰ আমাৰ পৰিকল্পনা স্থগিত কৰিব লগা হৈছিল। কিন্তু ইয়াৰ অৰ্থ হৈছে যে আমি প্রস্তুতি কৰিবলৈ, আৰু, অধিক শক্তিশালী হৈ উভতি আহিবলৈ বহুত বেছি সময় পাইছিলাে।
প্রতিযােগীসকলৰ মাজত প্ৰতিভাৰ মানদণ্ড এই বছৰ অবিশ্বাস্য, আৰু মই নিশ্চিত যে আমাৰ বিজয়ীসকলে সঁচাকৈয়ে উদ্যোগটোত এক শক্তিশালী প্ৰভাৱ পেলাব”, সিংহই লগতে কয়। চানচিল্ক মেগা মিছ নর্থ ইষ্টৰ তিনিগৰাকী বিজয়ীক সমান মর্যাদাৰে মুকুট পিন্ধোৱা হ’ব, আৰু প্ৰতিগৰাকীক ১ লাখ টকাৰ পুৰস্কাৰ পেকেজ প্রদান কৰা হ’ব। ইয়াৰ উপৰিও, তেওঁলােকে প্রশান্ত ব্ৰহ্ম ফটোগ্রাফীৰ দ্বাৰা পেছাদাৰী ফটোশুট, ভ্ৰমণৰ সুযােগ, পেছাদাৰী প্রতিনিধিত্ব আৰু সমগ্ৰ উত্তৰ-পূবৰ বিভিন্ন সামাজিক-সাংস্কৃতিক কার্যকলাপত অংশগ্ৰহণ কৰাৰ সুযােগৰ পাব। অনুষ্ঠানটো মেগা এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্রযােজনা কৰা হৈছে আৰু মেগা এক্টিভেচনৰ দ্বাৰা বিপণন কৰা হৈছে।
প্রতিযােগিতাখন ফেশ্বন উদ্যোগী অভিজিত সিংহৰ পৰিচালনা আৰু উদ্ভাৱন। মেগা এণ্টাৰটেইনমেণ্টৰ সৈতে তেওঁৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি জ্যোতিস্মিতা বৰুৱাই কয়, “মেগা মিছ নর্থ ইষ্ট জয় কৰাটো মােৰ জীৱনৰ এক টার্ণিং পইণ্ট আছিল। সৌন্দর্য প্রতিযােগিতা এখনত অংশগ্ৰহণ কৰাৰ আটাইতকৈ গুৰুত্বপূর্ণ অংশটো হ’ল আপুনি যেনে হয়, তেনেকৈয়ে নিজকে গ্রহণ কৰিবলৈ শিকা আৰু আপােনাৰ সহ-প্রতিযােগীসকলক সমর্থন কৰা। এইটোৱেই সঁচাকৈয়ে আপােনাৰ আভ্যন্তৰীণ সৌন্দর্য আৰু আত্মবিশ্বাস উলিয়াই আনে। মেগা মিছ নর্থ ইষ্টত মই শিকা কথাবােৰে মােক মিছ ইণ্ডিয়া প্রতিযােগিতাৰ কাৰ্যকালত, আৰু বিশেষকৈ সেই প্রতিষ্ঠিত প্রতিযােগিতাত শীর্ষ-৬ স্থান অর্জন কৰাত যথেষ্ট সহায় কৰিছিল।” মুখ্য বিজয়ীসকলৰ উপৰিও, প্রতিযােগীসকলে প্রতিদ্বন্দিতা কৰিব লগা উপশীর্ষকৰ এটা শৃংখলাও থাকিব৷ সেইবােৰ হৈছে ছােহম মিছ ট্ৰেণ্ডি, ৰেডিচন ব্ল মিছ হস্পিটালিটি, আইটেক্স ডাজলাৰ মিছ বিউটিফুল ফেচ, শ্বাউটআউট এনই ইণ্ডিয়া মিছ টুৰিজম নর্থ ইষ্ট, পেজেণ্ট টাইমছ মিছ পপুলাৰ আৰু চানচিল্ক হেয়াৰ হেকচ ডিভা।
লগতে পঢ়ক : মৰাণত মাঘ বিহুৰ ব্যাপক প্ৰস্তুতি আৰম্ভ
শীর্ষ-১৫ গৰাকী প্রতিযােগীয়ে ইভিনিং গাউন প্রেজেন্টেচনত অংশগ্ৰহণ কৰিব, য’ত তেওঁলােকে শীর্ষ ফেশ্বন ডিজাইনাৰ আৰ ব্ৰেণ্ড, যেনে, জানচাই, কৰণ থােকচোম, আৰিফ মুখিম আৰু মেগা এন্টাৰটেইনমেণ্টৰ অফিচিয়েল ডিজাইনাৰ দীপিকা দেৱীৰ সৃষ্টি প্রদর্শন কৰিব।।প্রতিযােগিতাৰ আয়ােজকসকলে ৭ ৰ পৰা ১৩ নৱেম্বৰলৈ শ্বিলং, ইম্ফল, ডিব্ৰুগড়, গুৱাহাটী, কোহিমা আৰু আগৰতলাত অনুষ্ঠিত কেইবাটাও অডিচনৰ জৰিয়তে ৫০ গৰাকী ফাইনেলিষ্ট বাছনি কৰিছিল। প্রতিযােগীসকলে তেওঁলােকৰ প্রশিক্ষণ আৰু সাজসজ্জাৰ সময়ত এক কঠোৰ পূর্ব-বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে যাব, আৰু অৱশেষত ৩ গৰাকী মহিলাই চানচিল্ক মেগা মিছ নর্থ ইষ্ট ২০২১-ৰ আকাংক্ষিত খিতাপ জিকিব।