চিৰাং : পুনৰ অপৰাধীক উদ্দেশ্যি অসম আৰক্ষীৰ গুলী চালনা। এইবাৰ বড়ো ভূমিৰ চিৰাং জিলাত অপৰাধীক উদ্দেশ্যি আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত নিহত হ’ল দুধর্ষ চুপাৰী কিলাৰ। টকাৰ বিনিময়ত হোমগাৰ্ড ইয়াৎ আলীৰ হত্যাকাণ্ডৰ অভিযুক্ত আছিল চুপাৰী কিলাৰজন।
চিৰাং জিলাৰ হোমগাৰ্ড ইয়াৎ আলীৰ হত্যাকাৰী আব্দুল খালেক নামৰ চুপাৰী কিলাৰজন নিহত হয় আৰক্ষীৰ গুলীত। আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়ন কৰাৰ চেষ্টা কৰোতে আৰক্ষীয়ে চুপাৰী কিলাৰ
আব্দুল খালেকক উদ্দেশ্যি গুলী চালনা কৰে। বুধবাৰে নিশা কাচদহাত সংঘটিত হয় এই ঘটনা।
তদন্তৰ বাবে নিয়াৰ সময়ত আব্দুল খালেকে চিৰাং জিলাৰ বিজনীৰ এছডিপিঅ’ৰ পিষ্টল কাঢ়ি পলায়ন কৰাৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলী চালনা কৰাত থিতাতে নিহত হয় আব্দুল খালেক৷ উল্লেখ্য যে যোৱা ৬ জুলাইত নিশা বিজনী থানাৰ হোমগাৰ্ড ইয়াৎ আলীক হত্যা কৰা হৈছিল।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে খণ্ডকাৰ ছফিউৰ ৰহমান নামৰ এজন লোকে হোমগাৰ্ড ইয়াৎ আলীক হত্যাৰ বাবে দুজন চুপাৰী কিলাৰক ডেৰ লাখ টকা দিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে আব্দুল খালেক আৰু আয়ুব আলী নামৰ দুজন চুপাৰী কিলাৰক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক : চাকৰি! জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ১১১ টা পদত নিযুক্তি
বুধবাৰে নিশা চুপাৰী কিলাৰ দুজনক লগতলৈ আৰক্ষীয়ে তদন্ত চলাবলৈ যাওঁতে আব্দুল খালেক আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়ন কৰাৰ চেষ্টা চলায়৷ ইয়াৰ পিছতে আৰক্ষীয়ে আব্দুল খালেকক উদ্দেশ্যি গুলী চালনা কৰাত আব্দুল খালেক থিতাতে নিহত হয়৷