ছুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰব হৈ থকাৰ সময়তো বন্ধ হোৱা নাই এই চিণ্ডিকেট চক্ৰ।
বহু ছুপাৰী চিণ্ডিকেট মাফিয়া আৰক্ষীৰ জালত পৰিছে যদিও সৰবৰাহ এতিয়াও চলি আছে। ৰেল যোগে আজিও সৰবৰাহ হৈ আছে ছুপাৰী।

পল্টন বজাৰ ৰেল ষ্টেচনত ধৰা পৰা বৃহৎ পৰিমানৰ ছুপাৰী আজিহে আৰক্ষীয়ে জব্দ কৰিছে।
ডিমাপুৰ পৰা দিল্লী অভিমুখে নি আছিল বৃহৎ পৰিমাণৰ ছুপাৰীখিনি।
05861 নম্বৰ ডবাটোত বিগত তিনিটা দিনে ৰেলৱে ষ্টেচনৰ ৫নম্বৰ প্লেটফ্মত পৰি আছিল ছুপাৰী ভৰ্তি দবাটো।দবাটোৰ ভিতৰত আছে ২৩হাজাৰ কেজি ছুপাৰী ১০৪টা বস্তাত আছে।

উৰ্ধতম কৰ্তৃপক্ষলৈ ছুপাৰী খিনি সম্পৰ্কে পত্ৰ লিখিছে GRP য়ে। বৰ্তমান সময়ত
১নম্বৰ প্লেটফৰ্মত পৰি ৰৈছে কোটি কোটি টকাৰ ছুপাৰী।
এতিয়ালৈকে গৰাকী ওলোৱা নাই ছুপাৰী খিনিৰ। ৰেল আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে ছুপাৰী খিনিৰ কোনো গৰাকী নোলালে অথবা উপযুক্ত নথি দেখুৱাব নোৱাৰিলে কৰ্টত গোচৰ ৰুজু কৰিব।

উত্তৰ পূবৰ বিভিন্ন ৰাজ্যৰ পৰা অসমৰ মাজেৰে সৰবৰাহ হৈ থকা ছুপাৰী চিণ্ডিকেট ৰাজ বন্ধ কৰাৰ বাবে আজিও সংগ্ৰাম চলাইছে যদিও সফলতা এতিয়াও পৱা নাই।

লগতে পঢ়ক – নেহৰুৰ দেশত আজি অৰ্ধেক সংখ্যক সাংসদেই অপৰাধত অভিযুক্ত: ছিংগাপুৰৰ প্ৰধান মন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply