নিউজ ডেস্কঃ শিৱসাগৰ বিধায়ক খিল গগৈলৈ সাময়িক সকাহ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। ‘কা’ আন্দোলনৰ সময়ৰ হিংসাত্মক ঘটনা সন্দৰ্ভত তদন্তকাৰী সংস্থা NIA য়ে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। যাৰ পৰিপ্ৰেক্ষিততেই গুৱাহাটী উচ্চ ন্যায়ালয়ত ২৩ ফেব্ৰুৱাৰীত অখিল গগৈক উপস্থিত হ’বলৈ নিৰ্দেশনা প্ৰদান কৰিছিল।
অখিল গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু NIA ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভি ৰাম সুব্রমণিয়ম আৰু ন্যায়াধীশ পংকজ মিট্রালৰ বিচাৰপীঠে মঙলবাৰে অখিল গগৈৰ আবেদনৰ শুনানি গ্ৰহণ কৰে।
বিচাৰপীঠে শুনানি গ্ৰহণ কৰি বিধায়ক অখিল গগৈক সাময়িক সকাহ প্ৰদান কৰে আৰু NIA ক বিষয়টোৰ সন্দৰ্ভত উত্তৰ বিচাৰিছে। লগতে অহা শুক্ৰবাৰে (৩ মাৰ্চ) বিচাৰপীঠে পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। পৰৱৰ্তী শুনানিৰ পৰ্যন্ত বিধায়ক অখিল গগৈক গ্ৰেপ্তাৰ নকৰিবলৈ বা জিম্মাত নল’বলৈ উচ্চতম ন্যায়ালয়ে নির্দেশনা দিয়ে।
উল্লেখযোগ্য যে, মঙলবাৰে শুনানিৰ সময়ত অখিল গগৈৰ অধিবক্তাই বিচাৰপীঠৰ সন্মুখত এই বুলি কয় যে, ‘কা’ আন্দোলনৰ সময়ত অখিল গগৈয়ে প্ৰদান কৰা ভাষণসমূহক ভিন্ন ৰূপে দি সন্ত্রাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত বুলি ক’ব খোজা হৈছে লগতে যি অভিযোগনামা দাখিল কৰা হৈছিল তাত কোনো ধৰণৰ গগৈয়ে দেশৰ ক্ষতি কৰিব পৰা কাৰ্যকলাপৰ সৈতে জড়িত হোৱাৰ তথ্য উল্লেখ নাই বুলি অধিবক্তাই যুক্তি দর্শায়।