নিউজ ডেস্কঃ পাকিস্তানৰ জে’লত বন্দী হৈ থকা বুলি খবৰ ওলোৱা নগাঁৱৰ ৱাহিদা বেগম আৰু তেওঁৰ দহ বছৰীয়া পুত্ৰৰ সন্দৰ্ভত মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰে। উচ্চতম ন্যায়াসয়ৰ ন্যায়াধীশ কে এউ যোছেফ, ন্যায়াধীশ বি ভি নাগৰত্ন আৰু ন্যায়াধীশ জে বি পাৰ্ডিৱালাৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু বৈদেশিক মন্ত্ৰালয়লৈ জাননী জাৰি কৰিছে।

উচ্চতম ন্যায়ালয়ত ৱাহিদাৰ বেগমৰ মাতৃ আফিজা খাতুনে দাখিল কৰা এখন আৱেদনৰ সমগ্ৰ বিশয়টো গুৰুত্বৰ সহকাৰে লৈ পুনৰ ২৮ ফেব্ৰুৱাৰীত ন্যায়ালয়ে গোচৰটোৰ শুনানি পুনৰ গ্ৰহণ কৰিব জনাই। লগতে ২৮ ফেব্ৰুৱাৰীৰ পূৰ্বেই কেন্দ্ৰীয় দুয়োখন মন্ত্ৰ্যালয়ক জাননীৰ উত্তৰ দিয়াৰ বাবে নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা নগাঁওৰ ৱাহিদা বেগম আৰু তেওঁৰ পুত্ৰ সন্ধানহীন হৈ আছে। যাৰ বাবে ৱাহিদাৰ মাতৃ আজিফা খাতুনে দুয়োৰে নিৰুদ্দেশ সন্দৰ্ভত নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পিচত হঠাতে আজিফা খাতুনে কন্যা আৰু নাতিয়েক পাকিস্তানত বন্দী থকাৰ খবৰ পাকিস্তানৰ উচ্চয়ুক্তৰ কাৰ্যালয়ৰ পৰা ফ’নযোগে খবৰ দিয়ে বুলি আৰক্ষীক জানিবলৈ দিয়ে। আৰক্ষীৰ পৰা কোনো সুফল নোপোৱাত দিল্লী উচ্চ ন্যায়ালয়ত এখন আৱেদন দাখিল কৰিছিল যদিও খাৰিজ কৰি উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ বাবে পৰামৰ্শ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply