নিউজ ডেস্ক- উচ্চতম ন্যায়ালয়ে আজি এক ঐতিহাসিক ৰায়দানৰ জৰিয়তে যৌন বৃত্তিক স্বীকৃতি প্ৰদান কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে উচ্চতম ন্যায়ালয়ে সন্মতি সাপেক্ষে যৌন কৰ্মী হিচাপে কাম কৰা ব্যক্তিৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিব নোৱাৰিব।

নিজৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে কয় ‘’বেশ্যা বৃত্তি এক পেচা তথা যৌন কৰ্মীসকলৰ সন্মানজনক জীৱন যাপন আৰু সম আইনী সুৰক্ষা লাভ কৰাৰ অধিকাৰ আছে।‘’   

ন্যায়াধীশ এল নাগেশ্বৰ ৰাও, ন্যায়াধীশ বি আৰ গভোই আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ সংমণ্ডল বিচাৰপীঠে যৌনকৰ্মীৰ বাবে কেইবাটাও নিৰ্দেশনা নিৰ্ধাৰণ কৰিছে। বিচাৰপীঠে কয়, ‘‘যৌন কৰ্মী গৰাকী যদি প্ৰাপ্তবয়স্ক হয় আৰু তেওঁৰ যদি সন্মতি থাকে তেন্তে আৰক্ষীয়ে তাত হস্তক্ষেপ কৰা বা তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগিব।‘’    

বিচাৰপীঠে লগতে কয় যে যদি কোনো যৌন কৰ্মী হাৰাশাস্তি সন্মুখীন হৈছে তেন্তে তেওঁক চিকিৎসা আৰু আইনী সাহায্যকে ধৰি সকলো সাহায্য প্ৰদান কৰা উচিত।

উচ্চতম ন্যায়ালয়ে লগতে কয় যে আৰক্ষীৰ যিকোনো অভিযানৰ সময়ত যাতে যৌন কৰ্মীৰ গোপনীয়তা ভংগ নহয় তাৰ প্ৰতি প্ৰতি সংবাদ মাধ্যমে যথেষ্ট সতৰ্ক  হোৱা দৰকাৰ।

ন্যায়ালয়ে নিজৰ ৰায়দানত Voyeurism (যৌন-দৰ্শন)-ক এক দণ্ডনীয় অপৰাধ বুলি অভিহিত কৰে।

লগতে পঢ়ক –  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply