প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: প্ৰদূষণৰ প্ৰতিলক্ষ্য ৰাখি দেশৰ উচ্চতম ন্যায়ালয়ে নিষিদ্ধ আতচবাজীৰ ব্যৱহাৰ ৰোধ কৰিবলৈ অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
শুকুৰবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্য চৰকাৰবোৰলৈ নিষিদ্ধ আতচবাজীৰ বিক্ৰী, প্ৰস্তুত তথা ব্যৱহাৰ ৰোধ কৰাৰ ক্ষেত্ৰত যাৱতীয় নিৰ্দেশনা মানিবলৈ সকীয়াই দিছে।

ন্যায়ালয়ে এই নিৰ্দেশনা পালনত ব্যৰ্থ হলে সংশ্লিষ্ট ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক, আৰক্ষী অধীক্ষক বা আৰক্ষী বিষয়াসকলে ব্যক্তিগতভাৱে দায়িত্ব ল’ব লাগিব বুলি স্পষ্ট কৰি দিছে।

ন্যায়াধীশ এম আৰ শ্বাহ আৰু এ এছ বোপান্নাৰ খণ্ড বিচাৰপীঠে দিয়া এই নিৰ্দেশ কোনেও যাতে ভংগ কৰিব নোৱাৰে সেইয়া নিশ্চিত কৰিবলৈ কোৱা হৈছে। উৎসৱ উদযাপনৰ নামত আইন ভংগ কৰিব নোৱাৰিব।


উৎসৱৰ সময়ত গ্ৰীণ আতচবাজী ব্যৱহাৰ কৰিব পাৰিব বুলিও নিৰ্দেশটোত কোৱা হৈছে। এই নিৰ্দেশৰ মাজতে দিল্লীত অহা ১ জানুৱাৰীলৈকে গ্ৰীণ আতচবাজীকে ধৰি সকলোধৰণৰ আতচবাজী নিষিদ্ধ কৰা হৈছে। প্ৰদূষণ ৰোধৰ বাবেই এনে ব্যৱস্থা লোৱা হৈছে।
ক’ভিডৰ বাবে উৰিষ্যা চৰকাৰেও সকলোধৰণৰ আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। অসমৰ ক্ষেত্ৰত এতিয়ালৈকে অধিক কঠোৰ হোৱা দেখা নাযায়। ইয়াৰ সুযোগ লৈ এচাম ব্যবসায়ীয়ে আতচবাজী বিক্ৰী চলাই আহিছে।

লগতে পঢ়ক- টীয়কৰ কাৱৈমাৰী বিলত উৱলি যোৱা মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply