নিউজ ডেস্কঃ অসমৰ নাগৰিকত্ব প্ৰদনাৰ ভিত্তি বৰ্ষ সম্পৰ্কে আজি উচ্চতম ন্যায়ালত শুনানি গ্পহণ কৰা হ’ব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ পি এছ নৰসিমহা, হীমা কোহলী, মুকেশ ৰাচিকভাই শ্বাহ আৰু কৃষ্ণ মূৰাৰীৰ এই পাচঁজনীয়া বিচাৰীপীঠে গ্ৰহণ কৰিব শুনানি।
নাগৰিকত্ব ভিত্তি বৰ্ষৰ সন্দৰ্ভত অসম সন্মিলিত মহাসংঘই ভিত্তিবৰ্ষ ১৯৭১ চনটো প্ৰত্যাহ্বান জনাই ১৯৫১ চন হ’ব লাগে বুলি উচ্চতম ন্যায়ালয়ত এটা গোচৰ (৫৬২/২০১২ নং) ৰুজু কৰিছিল। পাছত আহোম সভাৰ, দীপক আৰু শিক্ষাবিদ প্ৰণৱ কুমাৰ মজুমদাৰৰ গোচৰো অসম সন্মিলিত মহাসংঘৰ সৈতে সংযুক্ত হয়।
সাংবিধানিক বিচাৰপীঠে মঙলবাৰৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰ ভঙা-পতা সম্পৰ্কে এক শুনানি গ্রহণ কৰি আছে। গোচৰটোৰ শুনানি সম্পূৰ্ণ হোৱাৰ লগেই লগেই আজি বিচাৰপীঠখনে অসমত নাগৰিকত্ব প্ৰদানৰ ভিত্তি বর্ষ সম্পৰ্কীয় গোচৰৰ শুনানি গ্রহণ কৰিব বুলি মুখ্য গুচৰীয়া ৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে নিশ্চিত কৰিছে।
উল্লেখযোগ্য যে, ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধিৰ দল গৈ দিল্লীত উপস্থিত হৈছেগৈ। তেওঁলোকে জনোৱা অনুসৰি, অসম চুক্তি ৰূপায়ণ হ’লেই বিদেশীৰ সকলো সমস্যা সমাধান হৈ উঠিব।
লগতে পঢ়ক – গুগলৰ কাৰ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি