ৰাজ্যত শান্তি সম্প্ৰীতি ঘূৰাই অনাৰ দিশত আগবাঢ়িছে ৰাজ্য চৰকাৰ।
এসময়ত বন্দুক হাতত তুলি লোৱা UGPOৰ ১৬৯জন আৰু TLAৰ ৭৫জন প্ৰাক্তন সদস্যই আজি অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰে।

শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত অস্ত্ৰ শস্ত্ৰ সমূহ জমা দিয়ে।


এই কাৰ্যসূচীতে মুখ্যমন্ত্ৰীয়ে RNLF, UPRF, NLFB, NSLA & ADFৰ ৬৬২গৰাকী প্ৰাক্তন সদস্যসকলক ১.৫লাখ টকাকৈ আৰ্থিক সাহায্য বিতৰণ কৰি তেওঁলোকক স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়িবলৈ আহ্বান জনাই।

এই অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘাল, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, টি.এ.চিৰ প্ৰধান জীৱন চন্দ্ৰ কোঁৱৰ, সহ অসম আৰক্ষীৰ শীৰ্ষ বিষয়া সকলে অংশ গ্ৰহণ কৰে।

লগতে পঢ়ক- যুৱ কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে পুৰুষ আৰক্ষীয়ে চোচোৰাই নিলে সভানেত্ৰী অংকিতা দত্তক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply