নিউজ ডেস্ক : কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে সুস্মিতা দেৱে। সোমবাৰে ছোনীয়া গান্ধীক নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি কলিকতাত তৃণমূল কংগ্ৰেছত যোগদান কৰে শিলচৰৰ প্ৰাক্তন সাংসদ গৰাকীয়ে। অভিশেষ বেনাৰ্জীৰ উপস্থিতিত সুস্মিতা দেৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে।

শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে আনুষ্ঠানিকভাৱে কলিকতাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিলে। শিলচৰৰ প্ৰাক্তন সাংসদ গৰাকীয়ে সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰে। ছোনীয়া গান্ধীলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে সুস্মিতা দেৱ তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ চৰ্চা চলিছিল।

সুস্মিতা দেৱে দল ত্যাগ কৰাৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভূপেন কুমাৰ বৰাই কয়,”সুস্মিতাক বটবৃক্ষ বুলি ভাবিছিলো, কিন্তু সৰু বতাহত উৰি যাব বুলি ভবা নাছিলো। মই নাভাৱো ‘কা’ বা আন কিবা ইছ্যুত দল এৰিছে সুস্মিতা দেৱে। ক’ত যোগদান কৰে সেয়া তেওঁৰ নিজা কথা। সুস্মিতা দেৱ মোৰ ভনীৰ দৰে, সেই সম্বন্ধ থাকিব।

ভুৱেন কুমাৰ বৰাই লগতে কয় যে সুস্মিতা দেৱৰ কথাত দুদিনমান ধৰি হতাশা প্ৰকট হৈছিল। চূড়ান্ত হতাশগ্ৰস্ততা দল ত্যাগ কৰিছে সুস্মিতা দেৱে। এটা নিৰ্বাচনত পৰাজয় বৰণ কৰি মনোবল হেৰুৱাইছে সুস্মিতা দেৱে। সুস্মিতা দেৱৰ পৰিয়ালটো গান্ধী পৰিয়ালৰ সৈতে ভাল সম্বন্ধ থকা এটা পৰিয়াল।

লগতে পঢ়ক : মহানগৰীৰ ডাউনটাউনত ২২খন সোণৰ বিস্কুটৰ সৈতে গ্ৰেপ্তাৰ এজন

সুস্মিতা দেৱক তৃণমূল কংগ্ৰেছলৈ আদৰি আনে মমতা বেনাৰ্জীৰ ভতিজা তথা তৃণমুল কংগ্ৰেছৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক অভিশেষ বেনাৰ্জীয়ে। তৃণমূল কংগ্ৰেছৰ টুইটাৰ একাউণ্টত সুস্মিতা দেৱে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ ফটো প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply