গুৱাহাটী : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম গণ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত আৰু দিছপুৰ বিধান পৰিষদৰ উদ্যোগত আয়োজিত হয় “কেন্দ্ৰীয় শ্বহীদ দিৱস”ৰ অনুষ্ঠান। স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত প্ৰাণাহুতি দিয়া ঐতিহাসিক অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ অনুষ্ঠানত পুষ্পাৰ্ঘ্যৰে শ্ৰদ্ধা জনায়।
শ্বহীদ দিৱসৰ অনুষ্ঠানত মহান শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ প্ৰিয়ৱৎ তালুকদাৰ আৰু শ্বহীদ নৰেন শৰ্মাৰ কন্যা জিন্তিমণি দেৱী শৰ্মাক সম্বৰ্ধনা জনোৱা হয় অসম গণ পৰিষদ দলৰ ফালৰ পৰা। অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে ধৰি দলৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, দলৰ কেন্দ্ৰীয় সমিতি তথা ভাতৃ-ভগ্নী সংগঠনসমূহৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল আৰু জাতীয় শ্বহীদ পৰিয়ালৰ সদস্যসকল অনুষ্ঠানটোত উপস্থিত থাকে।
অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ন বিভাগে অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গুৱাহাটীৰ বৰাগাঁওস্থিত শ্বহীদ ন্যাসত। শ্বহীদ দিৱসৰ অনুষ্ঠানৰ উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসম আন্দোলনৰ শ্বহীদসকলৰ পৰিয়ালবৰ্গ, স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অসমবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা তেজস্বী বক্তব্যই সকলোকে উদ্বুদ্ধ কৰে।
লগতে পঢ়ক : মাৰ্ঘেৰিটাত বিশ্ব মানৱ অধিকাৰ দিৱস উদযাপন
ইফালে সদৌ অসম ছাত্ৰ সন্থাই নলবাৰীত কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন কৰে। অসম আন্দোলনত শ্বহীদ হোৱা ৮৫৫ জন শ্বহীদৰ স্মৃতিত ছাত্ৰ সন্থাই আয়োজন কৰা এই অনুষ্ঠানত অসম আন্দোলনৰ শ্বহীদসকলক সশ্ৰদ্ধাৰে সোৱৰণ কৰে। নলবাৰী শ্বহীদ দিৱসত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই থলুৱা লোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সাংবিধানিক সুৰক্ষা কৱচ প্ৰদানৰ দাবী জনায়।
ঐতিহাসিক অসম আন্দোলনত জাতিৰ স্বাভিমান ৰক্ষাৰ হকে আজিৰ দিনটোতে মৃত্যু হোৱা প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক গভীৰ শ্ৰদ্ধা জনাইছো।আজিৰ এই পৱিত্ৰ দিনটোত বীৰ শ্বহীদ সকলক সন্মান জনাই ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ উদ্যোগত মৰিগাঁও জিলাত অনুষ্ঠিত হয় শ্বহীদ দিৱস। ।