শিৱসাগৰ : শিৱসাগৰ প্ৰেছ ক্লাবত ক’ভিডৰ সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা অসম আদিত্য বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক মনজিত বৰাক শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ২০১৯ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটা ২০২১ বৰ্ষৰ বাবে জ্যেষ্ঠ সাংবাদিক মনজিত বৰাক প্ৰদান কৰে।
শিৱসাগৰৰ সমাজকৰ্মী এম আই বড়াৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদ, শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি ভৈৰৱ মুণ্ডা, ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা জয়সূৰ্য বৰাই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা মনজিত বৰাক সম্বৰ্ধনা পত্ৰৰ লগতে একোখনকৈ গামোচা, জাপি, চেলং চাদৰ আৰু সঁফুৰাৰে উৰুলি ধ্বনিৰ মাজৰে এই বঁটা প্ৰদান কৰা হয়।
বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ বিষয় উল্লেখ কৰি কয় যে সাংবাদিকতাৰ জগতত বহু অজান শত্ৰু থাকিলেও সমাজক গতি প্ৰদান কৰাৰ স্বাৰ্থত আমি আমাৰ কাম কৰি যাবলৈ বাধ্য।এতিয়া এচামে সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰি বিভেদৰ বীজ সমাজত বিয়পাইছে। এই কথাবোৰ ৰাইজে বুজিব লাগিব আৰু ৰাইজে বুজিছে যদিও একাংশ এই সোঁতত উঁটি গৈছে। এই বিষয় সমূহক লৈ আমি সাংবাদিক সকল অধিক সজাগ হ’ব লাগিব বুলিও কয়।
শ্বহীদ সাংবাদিক কমলা শইকীয়া কেৱল এজন সাংবাদিক নাছিল, আধুনিক দিখৌমুখৰ নিৰ্মাতা কমলা শইকীয়া এজন শিক্ষা সংস্কাৰক, শিক্ষাবিদ আৰু স্বাধীনতা সংগ্ৰামী আছিল। পৰৱৰ্তী সময়ত তেওঁ কলমৰ মাধ্যমেৰে সমাজৰ অপশক্তি সমূহক চিনাক্ত কৰি এই সমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল। যাৰ বাবে এচামে নিজ স্বাৰ্থত বাধা পোৱাৰ বাবেই তেওঁক হত্যা কৰিছিল বুলিও উল্লেখ কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে।
উল্লেখযোগ্য যে, সৌ সিদিনা মনজিত বৰাৰ এক টেলিফোনীক সাক্ষাৎকাৰত পৰেশ বৰুৱাই স্বীকাৰ কৰিছিল যে কমলা শইকীয়াক আলফাই হত্যা কৰিছিল কিন্তু হত্যা কৰাৰ সময়ত অৰবিন্দ ৰাজখোৱা আলফাৰ সেনাধক্ষ্যৰ দায়িত্বত আছিল। এই হত্যাৰ বাবে অৰবিন্দ ৰাজখোৱাক জেৰা কৰিব লাগে যিটো আজিলৈকে কৰা হোৱা নাই। সেই সময়ত তেওঁৰ হত্যাৰ অনুসন্ধান কৰা আৰক্ষী বিষয়া সকলৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰি তদন্ত কৰিব লাগে।
আজিলৈকে বহু সাংবাদিকক হত্যা কৰা হ’ল। কিন্তু এটা হত্যাকাণ্ডৰো আইনী বিচাৰ নহল।গুৱাহাটী মহানগৰৰ জনবহুল ঠাইত পৰাগ দাসক হত্যা কৰাৰ পাছতো আজিলৈকে সেই হত্যাৰ বিচাৰ নহ’ল বুলিও উল্লেখ কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে।
লগতে পঢ়ক : পঞ্জাবৰ নতুন মুখ্যমন্ত্ৰীৰ দায়িত্ব দিলে চৰণজিত সিং চেইনীক
আচলতে চৰকাৰৰ প্ৰতাৰণা, আৰক্ষীৰ বিফলতা আৰু দুৰ্নীতিৰ বাবে এনে সমূহৰ বিচাৰ নহয় বুলিও কয় জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে। কলিতা ছাত্ৰ সন্থাই কমলা শইকীয়াৰ হত্যাৰ বিচাৰৰ এক দৃঢ় পদক্ষেপ লৈ তেওঁক ন্যায় প্ৰদানৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক আহবান জনায়। বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ নেতা-সদস্যৰ লগতে বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে।