গুৱাহাটী : শ্বহীদ সুমন স্বৰ্গীয়াৰী নশ্বৰ দেহ আহিপালে স্ব-ৰাজ্যত। বায়ু সেনাৰ এখন বিশেষ বিমান যোগে বৰঝাৰস্থিত বায়ুসেনাৰ ষ্টেচনত লৈ অনা হ’ল শ্বহীদ গৰাকীৰ নশ্বৰদেহ।

মণিপুৰত শনিবাৰে উগ্ৰপন্থীৰ ভয়ংকৰ এম্বুছত শ্বহীদ হোৱা ৪৬ নং অসম ৰাইফলছৰ জোৱান বৰমাৰ থেকেৰাকুচিৰ সুমন স্বৰ্গীয়াৰী নশ্বৰ দেহ আহিপালে স্বৰাজ্যত। বায়ু সেনাৰ এখন বিশেষ বিমান যোগে বৰঝাৰস্থিত বায়ুসেনাৰ ষ্টেচনত লৈ অনা হয় শ্বহীদ গৰাকীৰ নশ্বৰদেহ। বায়ুসেনাৰ ষ্টেচনৰ চৌহদত অসম ৰাইফল, অসম আৰক্ষী-প্ৰশাসন আৰু বায়ুসেনাৰ উচ্চ পদস্থ বিষয়াই শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে ১০ বছৰ পূৰ্বে সুমন স্বৰ্গীয়াৰী পিতৃও উগ্ৰপন্থী আক্ৰমণত প্ৰাণ হেৰোৱাইছিল।প্ৰায় ৮ বছৰ পুৰ্বে অসম ৰাইফলছত যোগদান কৰিছিল সুমন স্বৰ্গীয়াৰীয়ে। ৫ ডিচেম্বৰত ২ বছৰীয়া পুত্ৰৰ জন্মদিনত ঘৰলৈ অহাৰ কথা আছিল উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হোৱা সুমন স্বৰ্গীয়াৰী৷

লগতে পঢ়ক : বিউটি পাৰ্লাৰ আৰু স্পাকলৈ পৌৰ নিগম কঠোৰ হৈছে

শনিবাৰে মণিপুৰত আছাম ৰাইফলছৰ কনভয়ত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণত কামাণ্ডিং অফিচাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী অনুজা ত্ৰিপাঠী আৰু ৬ছৰীয়া পুত্ৰ অবীৰ ত্ৰিপাঠীসহ মুঠ ৭ জন লোক নিহত হৈছিল। মণিপুৰৰ-ম্যানমাৰ সীমান্তত উগ্ৰপন্থীয়ে আক্ৰমণ চলাইছিল কামাণ্ডিং অফিচাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠীৰ কনভয়ত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply