YouTube video

দৰঙ : দৰঙ জিলাৰ গাহৰি পালক সকলৰ মাজত হাহাকাৰ পৰিস্থিতি। দৰঙত গাহৰিৰ দেহত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফিভাৰ। ইতিমধ্যে শ শ গাহৰিৰ মৃত্যু হৈছে আফ্ৰিকান ছোৱাইন ফিভাৰত আক্রান্ত হৈ। যোৱা জুন মাহত দৰঙ জিলাৰ অকলিবাৰীৰ এজন গাহৰি পালক তীৰ্থ বড়োৰ মৃত গাহৰিৰ দেহৰ পৰা পৰীক্ষাৰ বাবে লৈ যোৱা তেজ আৰু অংগত ধৰা পৰিছে এই মাৰাত্মক ৰোগ।

উল্লেখ্য যে দৰঙ জিলাত শ শ গাহৰিৰ মৃত্যুৰ বাতৰি সবিস্তাৰে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছত গাহৰি পালকৰ ফাৰ্মত উপস্থিত হৈছিল গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিষয়াৰ এটা দল। দলটোৱে মৃত গাহৰিৰ তেজৰ নমুনাৰ পৰীক্ষা কৰাত গাহৰিৰ মৃত্যুৰ কাৰণ আফ্ৰিকান ছোৱাইন ফিভাৰ বুলি ধৰা পৰে।

আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰাৰ লগে লগে বৃহস্পতিবাৰে গুৱাহাটীৰ এটা বিশেষজ্ঞৰ দল উপস্থিত হৈ দৰঙৰ অকলিবাৰী, বাহজনী আৰু বৰমপুৰ অঞ্চল কন্টেইমেণ্ট জ’ন ঘোষণা কৰে। অঞ্চল কেইটাত তিনিমাহলৈ কোনো গাহৰি পালোকে গাহৰি পালন কৰিব নোৱাৰিব বুলিও ঘোষণা কৰা হয়।

ইতিমধ্যে অকলিবাৰীৰ পৰা ১ কিলোমিটাৰ ব্যাসাৰ্ধ অঞ্চলত সকলো গাহৰি হত্যা কৰি পুতি থোৱাৰ ব্যৱস্থা কৰা হৈছে।একেদৰে অকলিবাৰীৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধ বৰ্তমান কোনেও গাহৰি পালন কৰিব নোৱাৰিব লগতে গাহৰি মাংসৰ ব্যৱসায়তো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

লগতে পঢ়ক: তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ৩০জন কয়দী ক’ৰোনাত আক্ৰান্ত

ইফালে গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰত আক্রান্ত হোৱাৰ পিছতে গাহৰি পালক সকল বৃহৎ লোকচানৰ পৰা ৰক্ষা পাবলৈ গাহৰি লুকুৱাই ৰখাই চেষ্টা কৰা বুলিও জানিব পৰা গৈছে। আৰক্ষী আৰু জিলা প্ৰশাসন লুকুৱাই থোৱা গাহৰিৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply