তেজপুৰঃ অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত স্বৰ্নিম বিজয় মাছালক আদৰণি। সোমবাৰে অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত প্ৰৱেশ কৰিলে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ১৬ডিচেম্বৰ ২০২০ তাৰিখে ফ্লেগ অফ কৰা স্বৰ্নিম বিজয় মাছাল ৷

সেনাৰ জোৱান সকলে মাৰ্চ পাছ কৰি কামেং চেক্টৰত শীৰ্ষ সেনা বাহিনীৰ বিষয়াক শিখা অৰ্পণ কৰে ৷
১৯৭১চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয় আৰু বাংলাদেশৰ মুক্তিৰ ৫০ বছৰৰ স্মৃতিত, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ১৬ ডিচেম্বৰ ২০২০ তাৰিখে ফ্লেগ অফ কৰা স্বৰ্নিম বিজয় মাছাল (বিজয় শিখা)সোমবাৰে পশ্চিম অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত প্ৰৱেশ কৰে ৷

লগতে পঢ়কঃগোৰেশ্বৰৰ নাওকাটাত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত

এক বৰ্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে সেনাৰ জোৱান সকলে মাৰ্চ পাছ কৰি কামেং চেক্টৰত শীৰ্ষ সেনা বাহিনীৰ বিষয়াক এই শিখা অৰ্পণ কৰে ৷ ভাৰতীয় সেনাই ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ কামেং চেক্টৰৰ সেনাৰ চাউনিত প্ৰৱেশ কৰাৰ পূৰ্বে স্থানীয় লোকৰ দ্বাৰা বিপুল সমাদৰ লাভ কৰে আৰু সেনাৰ চাউনিত উচ্চস্তৰীয় বিষয়া সকলে শ্ৰদ্ধাঞ্জলিৰে বিজয় শিখা আদৰণি জনায় ৷

বিজয় মাছাল ২৬ জুলাইত অসম-পশ্চিম বংগ সীমান্তত ভাৰতীয় সেনাৰ ১০১ এলেকাত প্ৰৱেশ কৰে আৰু তাৰ পিছত ২৭ জুলাইত শ্বিলঙৰ সেনাৰ কাৰ্যালয়ত প্ৰৱেশ কৰে ৷


পাকিস্তানৰ লগত হোৱা বাংলাদেশ মুক্তিৰ ৫০বছৰৰ স্মৃতিত এই মাছাল উলিয়াই ভাৰতীয় সেনাই । এই গৌৰৱ বিজয় শিখা ছেপ্টেম্বৰ মাহৰ ২২ তাৰিখে টাৱাংৱাৰ মেমৰিয়েল ভাৰত -চীন সীমান্তৱৰ্তীৰ সেনাৰ চাউনিত চৰকাৰী ভাৱে আদৰণি জনোৱা হ’ব বুলিও জানিব পৰা গৈছে ৷ উক্ত অনুষ্ঠানত অৰুণাচল প্ৰদেশ চৰকাৰৰ তৰফৰ পৰাও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply