নিউজ ডেস্কঃ ৰাজ্যত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’বলৈ গৈ আছে গুণোত্সৱৰ দৰে স্বাস্থ্য সেৱা উত্সৱ। অহা এপ্ৰিল মাহৰ ৬ ৰ পৰা ৮ তাৰিখলৈ অনুষ্ঠিত হ’ব এই সেৱা উত্সৱ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে স্বাস্থ্য সেৱা উত্সৱৰ অফিচিয়েল ল’গ’ মুকলি কৰে। এই স্বাস্থ্য সেৱা উত্সৱৰ দ্বাৰা ৰাজ্যৰ সকলো চৰকাৰী চিকিত্সালয়ৰ আন্তঃ গাঁথনি, মানৱ সম্পদ আৰু সেৱা প্ৰদানৰ ওপৰত মূল্যালয়ন কৰা হ’ব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল’গ’ মুকলি কৰি কয় যে, চৰকাৰী স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ বাবে স্বাস্থ্য সেৱা উত্সৱ গুনোৎসৱৰ দৰে হ’ব। য’ত চৰকাৰে প্ৰতি বছৰে চিকিত্সালয় সমূহৰ আন্তঃগাঁথনি মূল্যায়ন কৰিব।
মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে জনতা ভৱনৰ পৰা জিলাসমূহৰ IAS, ACS আৰু IFS বিষয়াৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সৰ যোগেদি মিলিত হয়। বৰঠাকুৰে সকলো জিলা প্ৰশাসনৰ বিষয়াক নিৰ্দেশ প্ৰদান কৰে যে, যাতে এই মূল্যাংকন ব্যৱস্থা সুকলমে হয় আৰু ইয়াৰ দ্বাৰা যাতে সকলোৱে উপকৃত হ’ব পাৰে।
স্বাস্থ্য সেৱা উত্সৱৰ ওপৰত ভিত্তি কৰি প্ৰকাশ পোৱা বিবৃতিত কোৱা হৈছে, “জিলা প্ৰশাসনৰ বিষয়াসকল এই অনুশীলনত সম্পূৰ্ণৰূপে জড়িত হ’ব লাগিব। যাতে দেশৰ ভিতৰতে ই স্বাস্থ্য পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰাৰ বাবে এক উদাহৰণ হ’ব পাৰে” ।
উল্লেখযোগ্য যে, ১,২৫২ খন চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠান ৰ ভিতৰত ২১ খন জিলা চিকিৎসালয়, ১৬ খন উপ-বিভাগীয় অসামৰিক চিকিৎসালয়, ২০৫ টা সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু ১০১০ টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক সামৰি ৰাজ্যজুৰি মানদণ্ডৰ স্বাস্থ্য সেৱা প্ৰদান কৰাৰ প্ৰসংগত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰা হ’ব।
লগতে পঢ়ক – লুপ্তপ্ৰায় পুৰণি বিহু সুৰ সংৰক্ষণৰ বাবে ‘পিয়ানো কিডছ’ৰ আন্তৰিক প্ৰয়াস