নিউজ ডেস্ক: ভাৰতবৰ্ষৰ ভিতৰতে অসমত প্ৰথমবাৰৰ বাবে কাইলৈৰ পৰা আৰম্ভ হ’ব “স্বাস্থ্য সেৱা উৎসৱ”। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে ৰাজ্যৰ জনসাধাৰণক গুণগত মানৰ স্বাস্থ্য সেৱা প্ৰদান কৰাৰ উদ্দেশ্যেৰে ৰাজ্যৰ বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমুহক মূল্যায়ন কৰিব তাৰ ভিতৰত ২১ খন জিলা চিকিৎসালয়, ১৬ খন মহকুমা অসামৰিক চিকিৎসালয়, ২০৫ খন সামুহিক স্বাস্থ্য খণ্ড, আৰু ১০১০ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক সামৰি লোৱা হৈছে।

৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈকে মুঠ তিনিদিনীয়া কাৰ্যসূচীৰে কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া ‘স্বাস্থ্য সেৱা উৎসৱ’ কামৰূপ মহানগৰ জিলাত ৫০টা স্বাস্থ্যকেন্দ্ৰত অনুষ্ঠিত হ’ব ৷ কামৰূপ মহানগৰ জিলাত ১ জিলা চিকিৎসালয়, ১টা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, ২টা এফ আৰ ইউ আৰু ৪৬টা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এই মূল্যায়ন কৰা হ’ব।

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আন্তঃ গাঁথনি, মানৱ সম্পদ আৰু সেৱা প্ৰদানৰ ভিত্তিত স্বাস্থ্য সেৱা উৎসৱত মূল্যায়ন কৰা হব ৷ এজন প্ৰশাসনিক বিষয়া আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এজন চিকিৎসকে বাহ্যিক মান নিৰ্ধাৰণকাৰী হিচাপে স্বাস্থ্যকেন্দ্ৰসমূহ পৰিদৰ্শন কৰি মূল্যায়ন কৰিব। আনহাতে এজন শীৰ্ষ প্ৰশাসনিক বিষয়াই বাহ্যিক মূল্যায়ক হিচাপে উক্ত ৫০ টা স্বাস্থ্য কেন্দ্ৰৰ মূল্যায়ন কৰিব।

স্বাস্থ্য সেৱা উৎসৱ যাতে সুকলমে অনুষ্ঠিত হয় ইয়াৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ৷ প্ৰতিখন জিলাৰ যুটীয়া সঞ্চালক সকলক ইয়াৰ গভীৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply