আমিনগাঁও : ‘‘ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া মুহূৰ্ত স্মৰণীয় কৰিবৰ বাবে গ্ৰহণ কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক কাৰ্যসূচী উপলক্ষে আৰম্ভ কৰা ‘স্বচ্ছতা ৰথ’ যাত্ৰাই কামৰূপ জিলাখনৰ জনসাধাৰণক পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৱৰ্জনা নিষ্কাশণ আৰু অনাময় আদি সম্পৰ্কত আৰু অধিক সজাগ কৰি তুলিব’’ স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ উদ্যোগত ৰাজ্যজুৰি স্বচ্ছতা সম্পৰ্কত জনসজাগতা সৃষ্টিৰ বাবে উলিওৱা স্বচ্ছতা ৰথখনক কামৰূপ জিলালৈ আদৰণি জনাই জিলা উন্নয়ন আয়ুক্ত নৰসিং বেয়ে এইদৰে কয়৷ তেওঁ লগতে স্বচ্ছ ভাৰত অভিযানে ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপনৰ বাবে হাতত লোৱা প্ৰতিটো কাৰ্যসূচীৰ পূৰ্ণ সফলতা কামনা কৰে৷
উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫তম বাৰ্ষিকী উদযাপন উপলক্ষে অন্যান্য বিভাগসমূহৰ দৰে ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ অন্তৰ্গত খোৱাপানী আৰু অনাময় বিভাগেও বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে৷ চলিত বৰ্ষৰ ১৫ আগষ্টৰ পৰা আৰম্ভ কৰা বছৰজোৰা কাৰ্যসূচীৰ অংশ হিচাপে এই বিভাগৰ অধীনৰ স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ উদ্যোগত শুকুৰবাৰৰ পৰা ‘সত্যাগ্ৰহ ছে স্বচ্ছগ্ৰহ ৰথযাত্ৰা’ আৰু ‘স্বচ্ছতা হী সেৱা’ শীৰ্ষক পষেক জোৰা কাৰ্যসূচী হাতত লোৱা হৈছে৷ গুৱাহাটীৰ নেডফী হাউছত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী মুকলি কৰে৷
লগতে পঢ়ক : চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকালৈ Doctor of Business ডিগ্ৰী প্ৰদান
সমগ্ৰ ৰাজ্যতে স্বচ্ছতাৰ ক্ষেত্ৰত আৰু অধিক সজাগতা সৃষ্টিৰ অৰ্থে স্বচ্ছতা সম্পৰ্কীয় তথ্যৰে সজাই তোলা বাহন ‘স্বচ্ছতা ৰথ’ৰ যাত্ৰাও মন্ত্ৰীগৰাকীয়ে পতাকা জোকাৰি শুভাৰম্ভ কৰে৷ এই ৰথখনেই শুকুৰবাৰে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়হি৷ এই স্থানত ৰথখনক আদৰণি জনোৱাৰ পিছতে ৰথখনে জিলাখনৰ বিভিন্ন স্থান যেনে চাংসাৰি বজাৰ, বাইহাটা চাৰিআলি, বিহদিয়া চক, দগাঁও চক, কমলপুৰ চক, কেন্দুকোনা বজাৰ, ৰঙিয়া ছোচাইটি চক, ৰঙিয়া তিনিআলি, তুলসীবাৰী আদি স্থান পৰিভ্ৰমণ কৰে৷ স্বচ্ছতাৰ বাবে গাঁও পঞ্চায়ত পৰ্যায়ত শ্ৰমদান, মুকলিত শৌচ-প্ৰসাৱ কৰাৰ অপকাৰিতা সন্দৰ্ভত সজাগ কৰা আদি বিভিন্ন কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা পষেক জোৰা ‘স্বচ্ছতাই সেৱা’ কাৰ্যসূচী আৰু ‘স্বচ্ছতা ৰথ’ যাত্ৰাৰ অহা ২ অক্টোবৰত স্বচ্ছ ভাৰত দিৱস পালনেৰে অন্ত পৰিব৷