নিউজ ডেস্ক: অসমৰ উদীয়মান যুৱ আৰু শক্তিশালী সাঁতুৰবিদ শিৱাংগী শৰ্মাই আগন্তুক এছিয়ান গেমছত স্থান লাভ কৰিছে। হায়দৰাবাদত অনুষ্ঠিত চিনিয়ৰ একুৱাটিকছ চেম্পিয়নশ্বিপত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অৰ্হতা বেজ লাভ কৰে সাঁতুৰবিদগৰাকীয়ে।
এছিয়ান গেমছত ১০০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত অংশগ্ৰহণ কৰিব শিৱাংগীয়ে। ছিনিয়ৰ একুৱাটিকছ চেম্পিয়নশ্বিপত শিৱাংগীয়ে ৫৭.৯৯ ছেকেণ্ডত ৰূপৰ পদক লাভ কৰে। ইয়াৰোপৰি শিৱাংগীয়ে হায়দৰাবাদত ৪×১০০ মিটাৰ সাতুৰ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিছে।
উল্লেখ্য যে অহা ২৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চীনৰ হাংঝুত অনুষ্ঠিত হ’ব এছিয়ান গেমছ।
লগতে পঢ়ক: ২২ আৰু ২৩ আগষ্টত কৰ্মবিৰতি ঘোষণা কৰ্মচাৰীৰ