সোণাৰিঃ টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত জিলাখনৰ নিজ খালৈঘোগোৰা অঞ্চলত টাই আহোম সকলৰ পবিত্ৰ ধৰ্মীয় পৰম্পৰাগত অনুষ্ঠান ‘ৰিক্-খন-ম্যুং-খন’ কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয়। টাই আহোম পৰম্পৰাৰ ৰিক্-খন-ম্যুং-খনৰ অৰ্থ হ’ল আয়ুস তোলা অনুষ্ঠান।
দেশত মহামাৰীৰ, দুৰ্ভিক্ষ, অৰাজকতা আদিয়ে দেখা দিলে জনসাধাৰণৰ মঙ্গলৰ অৰ্থে লুঙফাই বিধিৰে এই ৰিক-খন-ম্যুং-খন অনুষ্ঠিত কৰা হয়। দেশ-জাতি-মাটি তথা সৰ্বমানৱৰ কল্যাণ কামনা কৰি পালন কৰা হয় এই ধৰ্মীয় অনুষ্ঠানটো।

বুৰঞ্জীৰ তথ্য অনুসৰি চাওলুং চুকাফাই পাটকাই পাৰ হৈ আহি সৌমাৰখণ্ডত প্ৰৱেশ কৰা পাছতে জাতি-জনগোষ্ঠীৰ কল্যাণ কামনা কৰি ৰাজকীয়ভাৱে পালন কৰাৰ কথা জনা যায়। ইয়াৰ পৰিপ্ৰেক্ষিতত টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ঐতিহাসিক নিজ খালৈঘোগোৰা গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
লগতে পঢ়কঃনগাঁৱত ধৰ্ষণৰ গোচৰত ৫০হাজাৰ টকা উৎকোচ বিচাৰিলে আৰক্ষীয়ে