সোণাৰিঃ চাৰি ডিচেম্বৰত আৰম্ভ হ’ব টাই জনগোষ্ঠীৰ নৱবৰ্ষ। অসমত শ শ বছৰ বসবাস কৰি অহা টাই আহোম, টাই খাময়াং, টাইফাকে, টাই আইতন, টাই খামটি আৰু টাই তুৰুং সকলৰ নৱবৰ্ষ “পয় পি মাউ তাই” উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনাইছে টাইপাই।

টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে সংবাদ মাধ্যমৰ জৰিয়তে এই দাবী জনাইছে চৰকাৰলৈ।
লগতে পঢ়কঃলামডিঙৰ উচ্ছেদিত সকলৰ পুনৰ সংস্থাপনকলৈ অসন্তুষ্ট একাংশ লোক

আনহাতে অসমত বসবাস কৰা বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ বাবে যদি ষট পূজাত অসম চৰকাৰে চৰকাৰী বন্ধ ঘোষণা কৰিব পাৰে তেনেহ’লে শ শ বছৰ পূৰ্বৰে পৰা বসবাস কৰা টাই জনগোষ্ঠীৰ লোকসকলৰ নৱবৰ্ষ “পয়-পি -মাউ-টাই” উপলক্ষে  ৰাজ্যত চৰকাৰী বন্ধ প্ৰযোজিত কৰক বুলি টাইপাৰ তৰফৰ পৰা চৰকাৰৰ ওচৰত দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply