গুৱাহাটীঃ মহানগৰীত টাই আহোম যুৱ পৰিষদৰ সংবাদমেল।

আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী-বিধায়কক মৈদাম সমূহৰ সংৰক্ষণ আৰু সুৰক্ষা নিশ্চিত কৰি আহোমৰ ঐতিহ্য আৰু স্মৃতি সংৰক্ষণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে টাই আহোম যুৱ পৰিষদে।

নিৰ্বাচনৰ সময়ত আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতি দিয়া ১২৫ কোটি টকা শীঘ্ৰে মোকলাই দিয়াৰ দাবী জনাইছে সংগঠনটোৱে।

বুৰঞ্জী আৰু ভূগোল বিষয়ক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।

লগতে পঢ়কঃঅনিৰ্দিষ্ট কাললৈ বন্ধ মাজুলী- নিমাতী ঘাট ফেৰী সেৱা

লগতে  আহোম জনগোষ্ঠীক শীঘ্ৰে স্বায়ত্ত্ব শাসন প্ৰদান কৰাৰ আহ্বান জনাইছে টাই আহোম যুৱ পৰিষদে। অন্য়থা ১ ছেপ্তেম্বৰৰ পৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব সংগঠনটোৱে।

তেওঁলোকৰ দাবী সমূহ মানি নল’লে উজনি অসম অচল কৰি দিয়াৰো সকীয়নি দিয়ে। লগতে উজনি অসমত থকা তৈলক্ষেত্ৰ বন্ধ কৰি দিয়াৰো হুংকাৰ দিয়ে টাই আহোম যুৱ পৰিষদে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply