সোণাৰি: টকিঅ’ অলিম্পিকৰ মহিলা বক্সিং প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা বক্সাৰ লাভলীনা বৰগোহাঁইক অভিনন্দন জ্ঞাপন কৰিছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে।
সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় ৰাজকোঁৱৰে আজি সংবাদ মাধ্যমৰ আগত অসমৰ মহিলা বক্সাৰ গৰাকীৰ সফলতা কামনা কৰাৰ লগতে অসম চৰকাৰ আৰু ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰীক বক্সাৰ গৰাকীক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় বিভিন্ন দিশত সহায় সহযোগ আগবঢ়াবলৈ আহ্বান জনায়।
অলিম্পিকত লাভলীনা বৰগোঁহাইৰ জৰিয়তে দেশে এটি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হব বুলি ৰাজকোঁৱৰে আশা প্ৰকাশ কৰে। প্ৰথম গৰাকী অসমৰ মহিলা খেলুৱৈ ৰূপে অলিম্পিকলৈ যাবলৈ সাজু হোৱা লাভলীনাৰ জৰিয়তে অসমে প্ৰথমটো অলিম্পিক পদক জয় কৰি ৰাজ্যবাসীক গৌৰবাম্বিত কৰিব বুলি টাইপাই শুভেচ্ছা জ্ঞাপন কৰে ।
লগতে পঢ়ক ক’ভিড ভেকচিন ললে লাভ কৰিব পাঁচ কেজি চাউল আৰু এটা আমূলৰ পেকেট