সোণাৰি: জনজাতিকৰণৰ দাবীত পুনৰ দিল্লী কঁপাব টাই আহোম যুৱ পৰিষদে, সোণাৰিত ঘোষণা টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ ১৫ মাৰ্চত দিল্লী কঁপাব টাইপাই।

টাই আহোম সকলক জনজাতিকৰণ কৰাৰ দাবীত সংগঠনটোৱে দিল্লীৰ যন্তৰ-মন্তৰত গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী।

জনজাতিকৰণৰ নামত টাই আহোম জনগোষ্ঠীক দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি অহাৰ অভিযোগ সংগঠনটোৰ।
চৰাইদেউ জিলাৰ সোণাৰি নগৰস্থিত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা স্মৃতি ভৱনত এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ লগতে বিষয়ববীয়া সকলে।
সোণাৰিত টাই আহোম যুৱ পৰিষদ অসমৰ সভাপতি বিজয় ৰাজকোঁৱৰে সংবাদ মেল যোগে ঘোষণা কৰিলে এই কথা।

বিগত নিৰ্বাচনসমূহত জনজাতিকৰণৰ বিষয়টোক নিৰ্বাচনৰ ইচ্ছু হিচাপে লৈ নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ দিল্লীত গৈ প্ৰতিবাদ সাব্যস্ত কৰিব টাই আহোম যুৱ পৰিষদে৷

লগতে পঢ়ক- বোকাজানত বিধ্বংসী অগ্নিকাণ্ডত কোটি টকাৰ সম্পত্তি ভস্মীভূত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply