সোণাৰি : সোণাৰিত বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰাপক বিশিষ্ট লেখিকা প্ৰয়াত ড° অনিমা গুহৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
উল্লেখ্য যে, অসমৰ বিশিষ্ট নাৰীবাদী তথা যুক্তিবাদী লেখিকা ড° অনিমা গুহ যোৱা ২৮ জুলাইত দেহাৱসান ঘটিছিল।
সাম্প্ৰতিক অসমৰ নাৰীবাদী চিন্তা-চৰ্চাৰ বাটকটীয়া সকলৰ ভিতৰত অন্যতম মহিলা প্ৰয়াত ড° অনিমা গুহক সোণাৰিত ২০১৬ বৰ্ষত বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰা হৈছিল।
অসমৰ মহিয়সী নাৰী বীৰাঙ্গনা মূলাগাভৰুৰ স্মৃতিত ২০১৩ বৰ্ষৰ পৰা টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানৰ চতুৰ্থ বাৰ্ষিক অনুষ্ঠানত প্ৰদান কৰা হৈছিল এই বঁটা।
ইয়াৰ পৰিপ্ৰেক্ষিতত এইগৰাকী মহিয়সী নাৰীৰ দেহাৱসানত মৰ্মাহত হৈ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে।