নিউজ ডেস্ক: ক’ভিড এছ অ পি উলংঘা কৰি সুৰাৰ পাৰ্টি পতা তাজ ভিভান্টা আৰু ইয়াৰ আয়োজক ঠিকাদাৰ পংকজ সাধনিদাৰক আজিলৈকে দিছপুৰ আৰক্ষীৰ তদন্তকাৰী বিষয়াৰ ওচৰত জেৰাৰ সন্মুখীন ন’হল । অথচ এই ঘটনাৰ সৈতে সাঙোৰ খাই পৰা ৰাজকন্যা বৰুৱা বৰ্তমান কাৰাগাৰত । চিকিৎসক নভনীল বৰুৱাক তিনিদিন ধৰি জেৰা চলোৱা অন্তত গ্ৰেপ্তাৰ পৰ্যন্ত হৈছিল ।

ইয়াৰ পিছতেই এই ঘটনাৰ সৈতে বিয়াগোম লোকৰ নাম পোহৰলৈ অহাত তদন্ত প্ৰকিয়া ক্ৰমান্বয়ে স্তিমিত হৈ পৰে । কামৰূপ জিলা প্ৰশাসনে নিয়ম মাফিক জাননী জাৰি কৰিয়েই দায়িত্বৰ পৰা হাত সাৰে । হোটেল কৰ্তৃপক্ষই ৭ দিনৰ অতিৰিক্ত সময় বিচাৰে যদিও সকলো উত্তৰ দিয়াত ব্যৰ্থ হয় । যাৰ ফলত জিলা প্ৰশাসনে দ্বিতীয়বাৰৰ বাবে জাননী জাৰি কৰিব লগা হয় ।
ক’ভিড এছ অ পি উলংঘাই নহয় গান্ধী জয়ন্তীৰ দিনা ড্ৰাই ডেৰ সময়তো ঠিকাদাৰ পংকজ সাধনিদাৰে মদৰ পাৰ্টি চলাই যায় ভিভান্টাত । আজিলৈকে তাজ ভিভান্টা আৰু ঠিকাদাৰ জনক জেৰা কৰিব নোৱাৰিলে তদন্তকাৰী বিষয়াই । ইয়াৰ বিপৰীতে ঠিকাদাৰ সাধনিদাৰে নিজকে নিৰ্দোষী বুলি দাবী কৰি ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে । আজিলৈকে কিয় ভিভান্টা আৰু ঠিকাদাৰ গৰাকীক জেৰা কৰিব নোৱাৰিলে , তদন্ত কিয় আগনাবাঢ়িল সিও অন্ধকাৰত ।


তাজ ভিভান্টাত পাৰ্টি কৰি আহি ৰাজপথত ৮ জনকৈ শ্ৰমিকক গাড়ীৰে মহতীয়াই লৈ যোৱাৰ পিছতো ৰাজকন্যা বৰুৱাক জামিন যোগ্যধাৰাত গ্ৰেপ্তাৰ কৰি মুকলি কৰিছিল আৰক্ষীয়ে । পিছত বিষয়টো অধিক চৰ্চা হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতহে আৰক্ষীয়ে চিকিৎসালয়ৰ পৰা উলিয়াই আনি পুনৰ গ্ৰেপ্তাৰ কৰিব লগা হৈছিল । তদন্ত প্ৰক্ৰিয়া বৰ্তমান সময়ত কোন স্তৰত আছে । মাজে মাজে আৰক্ষী সঞ্চালক প্ৰধানে বিষয়টোৰ তদন্ত চলি থকাৰ কথা কয় যদিও তদন্ত কি স্তৰত আছে সেই সম্পৰ্কে প্ৰকাশ কৰাৰ পৰা বিৰত আছে ।

লগতে পঢ়ক-মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড ঘৰৰ ভিতৰতে দম্পতীক হত্যা ডকাইতৰ !

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply