গোৰেশ্বৰঃ বাক্সা জিলাৰ মুছলপুৰ আৰক্ষীয়ে ধন আত্মসাতৰ অভিযোগত ধুবুৰী তামাৰহাটৰ খণ্ড উন্নয়ন বিষয়া ভূপেন দাসক গ্ৰেপ্তাৰ কৰে৷ বাক্সা জিলাৰ গোৰেশ্বৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বিডিঅ’ হিচাপে কৰ্মৰত থকা অৱস্থাতে ভূপেন দাসে জালিয়াতিৰে পেঞ্চনৰ ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷
উন্নয়ন খণ্ডটোৰ অধীনৰ পেঞ্চনৰ প্ৰায় ৬০ লাখ টকা অতিৰিক্ত ভাবে উলিয়াই আত্মসাৎ কৰাৰ অভিযোগ ভূপেন দাসৰ বিৰুদ্ধে৷ গোৰেশ্বৰ উন্নয়ন খণ্ডৰ কৰ্মচাৰী ইউনিচ আলীৰ সৈতে মিলি আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে বৰ্তমান তামাৰহাটত কৰ্মৰত বিডিঅ’ ভূপেন দাসক৷ সেই সংক্ৰান্ততে শুকুৰবাৰে মুছলপুৰ আৰক্ষী বিষয়া মনিৰাম ডেকাই গোৰেশ্বৰ উন্নয়ন খণ্ডৰ জ্যেষ্ঠ সহকাৰী তথা গাণনিক প্ৰচুন চক্ৰৱৰ্তীক বাৰম্বাৰ ফোন কৰি থকাৰ পিছটো ফোন ৰিচিভ নকৰাত আৰু কাৰ্যালয়ত উপস্থিত নথকাত আজি বাক্সা জিলাৰ ডিএচপি প্ৰনৱজ্যোতি কলিতাৰ নেতৃত্বত আৰক্ষী এটা দলে তদন্তৰ বাবে গোৰেশ্বৰ খণ্ড উন্নয়ন বিভাগৰ কাৰ্যালয়ত উপস্থিত হয়। কিন্তু শুকুৰবাৰে তথা আজিও বাৰম্বাৰ ফোন কৰি মাতি থকাৰ পিছটো গাণনিকগৰাকী সময়মতে উপস্থিত নোহোৱাত আৰক্ষী বিষয়া মনিৰাম ডেকাই ধমক দিয়ে চক্ৰৱৰ্তীক। বৰ্তমান গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত প্ৰচুন চক্ৰৱৰ্তীক সোধপোচ অব্যাহত ৰাখিছে।