তামুলপুৰঃ আজিৰে পৰা তামুলপুৰৰ তামুলপুৰ জিলাৰ কচুবাৰীস্থিত গৌজন পথাৰত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অধিৱেশন। আজি পুৱা অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ন দাসে মূল তোৰণ উন্মোচন কৰাৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ ইয়াৰ পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অতিথিশালাৰ দ্বাৰ উন্মোচন কৰাৰ পিছতে মূল মঞ্চ, প্ৰদৰ্শনী, স্বেচ্ছাসেৱক শিৱিৰকে ধৰি বিভিন্ন কাৰ্যালয়সমূহ উদ্বোধন কৰে৷ বড়ো সাহিত্য সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

লগতে পঢ়কঃখুমটাইৰ মেঘনা কুৰ্মি প্ৰাথমিক বিদ্যালয়ৰ ৪৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অধিৱেশনত অংশগ্ৰহণৰ বাবে তামুলপুৰলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৪ মে’ত অর্থাৎ অন্তিম দিনাৰ মুকলি সভাত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিকে ধৰি মেঘালয়, ছিকিম, অসমৰ মুখ্যমন্ত্ৰীসহ বাংলাদেশ আৰু নেপালৰ প্ৰতিনিধি উপস্থিত থাকিব। ৰাষ্ট্রপতিৰ আগমনক লৈ তুংগত উঠিছে প্রস্তুতি। বৰ্তমান নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply