তামুলপুৰঃ তামুলপুৰ জিলা সদৰ আৰক্ষী থানাৰ পৰা দিন দুপৰতে হেণ্ডকাপ সহ পলায়ন কৰে দুজনকৈ ড্ৰাগছ পেডলাৰ। জানিব পৰা মতে, ১০ আগষ্টৰ নিশা তামুলপুৰ আৰক্ষীয়ে বৰখাট গাঁৱৰ পৰা জুমা ব্ৰহ্ম আৰু চেলিম নামৰ দুজনকৈ ড্ৰাগছ পেডলাৰক ড্ৰাগছসহ আটক কৰিছিল। আৰক্ষীয়ে দুয়োজন ড্ৰাগছ পেডলাৰক আদালতত হাজিৰ কৰাৰ পিছত পুনৰ আৰক্ষীৰ জিম্মাত লয়।
শুকুৰবাৰে দিনৰ বাৰ মান বজাত তিনিজন আৰক্ষীয়ে দুয়োজন ড্ৰাগছ সৰবৰাহকাৰীক হাতত হেণ্ডকাপ লগাই তামুলপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়ে। চিকিৎসালয়ত দুয়োজনকে চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত গাড়ীত উঠাবলৈ লওঁতে আৰক্ষীৰ সোপাঢিলা নিৰাপত্তাৰ সুযোগ গ্ৰহণ কৰি দুয়োজন ড্ৰাগছ পেডলাৰে হেণ্ডকাপ সহ পলায়ন কৰে। লগে লগে চিকিৎসালয় চৌহদতে এক হুলস্থুলময় পৰিবেশৰ সৃষ্টি হয়। আৰক্ষী আৰু ৰাইজে পলাতক আচামী দুয়োজনৰ পিছে পিছে খেদি গৈ ছেলিমক ধৰিবলৈ সক্ষম হয় যদিও জুমা ব্ৰহ্ম দৌৰি পলাই গৈ জংগলত সোমায়। ইয়াৰ পিছতে ৰাইজ আৰু আৰক্ষীয়ে জুমাক বিচাৰি সমগ্ৰ তামুলপুৰত অভিযান চলাই যদিও ধৰিবলৈ সক্ষম নহ’ল৷
পলাতক আচামী গৰাকীয়ে আৰক্ষীৰ পহৰাৰ মাজতে এঘৰৰ চোতালত চাবি লাগি থকা স্কুটি এখন লৈ সেই স্থানৰ পৰা পলায়ন কৰে। ইতিমধ্যেই গৃহস্থৰ চোতালৰ পৰা স্কুটি সহ যুৱকজনক পলায়ন কৰা দেখি গৃহস্থৰ সদস্য সকলৰ মাজত হাঁহাকাৰ লাগে৷ পৰিয়ালৰ লোকে এই খবৰ আৰক্ষীক দিয়াত আৰক্ষীয়ে লগে লগে অনুসন্ধান চলাই বৰখাটাৰ নিজ গৃহত স্কুটি সহ ড্ৰাগছ পেডলাৰ জুমা ব্ৰহ্ম( ২০)ক আটক কৰিবলৈ সক্ষম হয়।