তামুলপুৰঃ সমাগত উপ-নিৰ্বাচনকলৈ তৎপৰ হৈছে অসম প্ৰদেশ কংগ্ৰেছ সমিতি। বাক্সা জিলা কংগ্ৰেছ সমিতি আৰু নাগ্ৰিজুলি ব্লক কংগ্ৰেছ সমিতিৰ যৌথ উদ্যোগত তামুলপুৰ বিধান সভা সমষ্টিৰ চুকে -কোণে কেইবাখনো জনসম্পৰ্ক সভা অনুস্থিত কৰাৰ লগতে নৱ-নিযুক্ত সভাপতি ভূপেন বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে ।

একেদৰে গোৰেশ্বৰৰ বাঙালিপাৰাতো সভাপতি গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । বাক্সা জিলা কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে অংশগ্ৰহণ কৰে লোকসভাৰ সাংসদ গৌৰৱ গগৈ,বিধানসভৰ দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ ভাস্কৰ দাহালৰ লগতে কেইবাগৰাকীও শীৰ্ষ নেতাই।

লগতে পঢ়কঃ“মাতৃভাষা অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে”

সভাত ভাষণ প্ৰসংগত সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কয় যে বিজেপি চৰকাৰে বিটিআৰৰ আঞ্চলিক শক্তি সমূহক নিশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে,বিভিন্ন জাতি জনগোষ্ঠিৰ স্বাভিমানত আঘাত হানিছে বিজেপি দলে,কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে সকলো জাতি-জনগোষ্ঠীৰ শন্তি-সম্প্ৰীতি অটুত ৰখাৰ লগতে আঞ্চলিক ৰাজনৈতিক শক্তি সমূহক জীয়াই ৰখাৰ স্বাৰ্থত নিজৰ দলৰ ক্ষতি হোৱা কাম কৰিবলৈয়ো কুণ্ঠাবোদ নকৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

আনহাতে আগন্তুক উপ-নিৰ্বাচনত বিপিএফৰ সৈতে মিত্ৰতা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত নৱ নিযুক্ত সভাপতি ভূপেন বৰাই কয় যে যিহেতু বিপিএফ দলে এতিয়াও আনুষ্ঠানিকভাৱে মহাজোঁটৰ পৰা আতৰি অহা নাই সেয়ে বিপিএফে বিচাৰিলে তামুলপুৰ সমষ্টিতো তেওঁলোকক এৰি দিবলৈ সাজু অন্যথা কংগ্ৰেছ দলে তামুলপুৰত নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো এশ শতাংশ নিশ্চিত বুলি উল্লেখ কৰে ।


আনহাতে অসমৰ ৰাইজ তথা দলীয় কৰ্ম-কৰ্তাই বিচৰা প্ৰতিটো সিদ্ধান্ত গ্ৰহণৰ কৰাৰ বাবে কংগ্ৰেছ দল সদায় সাজু বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সভাপতি ভূপেন বড়াই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply