নিউজ ডেস্কঃ তামুলপুৰত উদ্ধাৰ হৈছে মৃতদেহ। জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ হৈছে মৃতদেহটো। মৈৰ মাজত মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছত স্থানীয় লোকে কুমাৰীকাটা আৰক্ষী চকীত খবৰ দিয়ে।

মৃতদেহটোৰ খবৰ লাভ কৰা পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীৰ মতে, মৃত ব্যক্তিগৰাকী কুমাৰীকাটা লতিবাৰী গাঁৱৰ মেৰমান মগৰ। নৈখন পাৰ হ’বলৈ লওঁতেই নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়াৰ বাবে ব্যক্তিগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply