তামুলপুৰঃ বিটিচি শিক্ষা সঞ্চালকৰ পৰা ৫২জনীয়া ভুৱা প্ৰমাণপত্ৰৰে নিযুক্তি লাভ কৰা শিক্ষকৰ এখন তালিকা প্ৰকাশ পোৱাৰ পাছতেই আজি তামুলপুৰত তিনিগৰাকী ভুৱা শিক্ষয়িত্ৰীক আটক কৰে আৰক্ষীয়ে৷

টেট শিক্ষয়িত্ৰীকেইগৰাকী ক্ৰমে ঢোলকুছি হাইস্কুলৰ কাজলী বড়ো, দেউলকুছি হাইস্কুলৰ অনিতা বড়ো আৰু দ্বাৰকুছি হাইস্কুলৰ ভৱানী বড়ো।

এই তিনিগৰাকী শিক্ষয়িত্ৰীয়ে টেট উত্তীৰ্ণৰ ভুৱা প্ৰমাণপত্ৰৰে নিযুক্তি লাভ কৰি কৰ্মৰত হৈ আছিল৷

বাক্সা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু চিআইডিয়ে তামুলপুৰ আৰক্ষীৰ সহযোগত শিক্ষয়িত্ৰী তিনিগৰাকীক দেউলকুছিস্থিত নিজ বাসগৃহৰ পৰা আটক কৰি তামুলপুৰ থানা লৈ আনে৷ পিছত অধিক তথ্যৰ বাবে আৰক্ষীৰ বিশেষ অনুসন্ধান শাখাই গুৱাহাটীলৈ লৈ যায় আটকাধীন তিনি শিক্ষয়িত্ৰীক।

লগতে পঢ়কঃচাপাখোৱা গ্ৰীড উপ-কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভুৱা টেট শিক্ষক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

” ভুৱা টেট চাৰ্টিফিকেট বনোৱা সকলক গ্ৰেপ্তাৰ কৰা হব। ৰাজ্যত সক্ৰিয় হোৱা ভুৱা নথি পত্ৰ প্ৰস্তুত কৰা চক্ৰক শীঘ্ৰে উৎখাট কৰা হব। জালিয়াতি কৰা সকল কেতিয়াও সাৰি নাযায়।”

ৰাজ্যত চিনাক্ত কৰা ৩৬ জন ভুৱা টেট শিক্ষকৰ ২২ জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply